দৰং, 4 ছেপ্টেম্বৰ :মঙলদৈত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ ৷ অসম বিধানসভাত গৃহীত কৰা কমতাপুৰ স্বায়ত্ব শাসিত বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷ মঙলদৈ চিলাৰায় ভৱনৰ সন্মুখত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুব ছাত্ৰ সন্মিলনীয়ে কৰে এই প্ৰতিবাদ ৷
দীৰ্ঘ দিন ধৰি কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন ভাতৃ সংগঠন,ছাত্ৰ সংগঠনে কোচ-ৰাজবংশী সম্প্ৰদায়ক জনজাতিকৰণ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰি অহাৰ পিছতো বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধিয়ে কোচ-ৰাজবংশী সম্পদায়ৰ লগতে ছয় জনগোষ্ঠীক জনজাতি কৰা হ'ব বুলি কৈ আহিছিল যদিও মুৰকত কোচ-ৰাজবংশী সম্পদায়ক বিভাজনৰ ৰাজনীতি কৰি স্বায়ত্ব শাসিত পৰিষদহে ঘোষণা কৰিছে ৷