দৰং, 1 জুনঃলক ডাউনে জুৰুলা কৰিছে বহুতৰে জীৱন ৷ দুবেলা দুমুঠি যোগাৰৰ বাবেও বহুতে কৰিবলগীয়া হৈছে হাহাকাৰ ৷ ব্যতিক্ৰম নহয় মঙলদৈৰ 2 নং কলনীৰ এগৰাকী কিশোৰীও ৷ অল্পনা বৰুৱা নামৰ এই কিশোৰী গৰাকীৰ পিতৃ বিশেষভাৱে সক্ষম ৷ মাতৃও আক্ৰান্ত কোনো জটিল ৰোগত ৷ পিতৃয়ে ঠেলা চলাই ঘৰ খন পোহ পাল দিছিল যদিও এক দুৰ্ঘটনাত পতিত হোৱাৰ পিচৰে পৰা ঘৰখন আৰ্থিকভাৱে জুৰুলা হৈ পৰে ৷ যাৰ ফলত ঘৰখনৰ সমস্ত দায়িত্ব সম্প্ৰতি আহি পৰিছে অল্পনাৰ কান্ধত ৷
ৰ'দ-বৰষুণ নেওচি পৰিয়ালৰ দায়িত্ব বহনত ব্যস্ত এগৰাকী কিশোৰী - দুৰ্ভগীয়া পৰিয়াল
মঙলদৈৰ 2 নং কলনীৰ অল্পনা বৰুৱা নামৰ 16 বছৰীয়া এগৰাকী কিশোৰীয়ে আধাতে শিক্ষা জীৱন সামৰি সম্প্ৰতি ন্যস্ত হৈছে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ দায়িত্ব বহনত ৷
![ৰ'দ-বৰষুণ নেওচি পৰিয়ালৰ দায়িত্ব বহনত ব্যস্ত এগৰাকী কিশোৰী a teenager girl of darrang struggled for her family](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7429243-642-7429243-1591002003874.jpg)
a teenager girl of darrang struggled for her family
ৰ'দ-বৰযুণ নেওচি পৰিয়ালৰ দায়িত্ব বহনত ব্যস্ত এগৰাকী কিশোৰী
Last Updated : Jun 1, 2020, 9:29 PM IST