মঙলদৈ, 23 ছেপ্টেম্বৰ:মঙলদৈত ফুটপাথত প্ৰতিবাদত বহিল এগৰাকী শিক্ষক (Teacher sits on protest)৷ চাকৰি হেৰুৱাই দিশহাৰা হৈ পৰা শিক্ষকগৰাকীৰ যেন ইয়াৰ বাহিৰে আৰু কোনো উপায় নাছিল ৷ সেয়ে কাষত পত্নী-কন্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষকগৰাকীয়ে (Teacher sit in protest for his job in Mangaldoi) ৷ কিন্তু কিয় চাকৰি হেৰুৱাইছিল এই শিক্ষকজনে ? তাৰো আছে এক দীঘলীয়া কাহিনী ৷
1999 চনত শিক্ষক বৃত্তিত নিয়োজিত হৈছিল দৰং জিলাৰ দেওমৰনৈৰ কুলেন কলিতা ৷ নিযুক্তিৰ নিয়ম অনুসৰি দৰমহা-পাতিও পাইছিল ৷ কিন্তু হঠাৎ যেন সকলো সলনি হৈ গ’ল (Teacher lost his job in Darrang) ৷ প্ৰায় 12 বছৰ চাকৰি কৰাৰ পাচত 2012 চনত চাকৰি হেৰুৱাই এইগৰাকী কুলেন কলিতাৰ লগতে সেইসময়ত নিযুক্তি পোৱা দৰঙৰ প্ৰায় 250 গৰাকী শিক্ষকে ৷ ঘৰত পৰিয়াল আছে ৷ চাকৰি নহ’লে পৰিয়াল নচলে দিক্ভ্ৰান্ত হৈ পৰিল কলিতা ৷
লগতে পঢ়ক:এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী