দলগাওঁ 18 অক্টোবৰ: উন্নত জাতৰ ছাগলী পালনৰে স্বাৱলম্বী খাৰুপেটীয়াৰ দ্বীন ইছলাম নামৰ এজন শিক্ষিত নিবনুৱা যুৱক। লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছাগলী পালনেৰে ৷
ছাগলী পালনেৰে স্বাৱলম্বী হোৱা এজন শিক্ষিত নিবনুৱা যুৱক - খাৰুপেটীয়া
উন্নত জাতৰ ছাগলী পালনেৰে স্বাৱলম্বী এজন শিক্ষিত নিবনুৱা যুৱক ৷ ছাগলী পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে যুৱকজনে ৷
![ছাগলী পালনেৰে স্বাৱলম্বী হোৱা এজন শিক্ষিত নিবনুৱা যুৱক A story of self depended boy of Dalgaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9218307-thumbnail-3x2-dalgn.jpg)
খাৰুপেটীয়াৰ নিকটৱৰ্তী খেতাশ্বৰ গাঁৱৰ এজন শিক্ষিত যুৱকে চৰকাৰী চাকৰিলৈ বাট নাচাই ছাগলী পালনেৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে ৷ উন্নত জাতৰ ছাগলী পালনেৰে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজনে। খেতাশ্বৰ গাঁৱৰ এই যুৱক জনে প্ৰথম অৱস্থাত ৰাজস্থানৰ পৰা উন্নত জাতৰ ছাগলী আনি পৰীক্ষামূলক ভাৱে আৰম্ভ কৰিছিল ছাগলীৰ ব্যৱসায় । প্ৰথম চেষ্টাতে সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা শিক্ষিত যুৱকজনে পিছলৈ নিজকে আত্ম নিয়োগ কৰিলে ছাগলী পালনত। মাত্ৰ দুটা ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান বিভিন্ন প্ৰজাতিৰ প্ৰায় ৫০ৰ পৰা ৬০ টা ছাগলী আছে।
অতি কম খৰচেৰে ছাগলী পালন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যুৱকজনে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক চৰকাৰী চাকৰিলৈ বাট নাচাই স্বাৱলম্বী হোৱাৰ বাবে এনে ধৰণেই ছাগলী পালনেৰে নিজকে আত্মনিয়োগ কৰিবলৈ জনালে আহ্বান ।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত মিজো লোকৰ আক্ৰমণত আহত অসমীয়া