দৰং, 20 ছেপ্টেম্বৰ : অসমত গঠন হ'ল আন এক নতুন সংগঠন ৷ ভূমি পুত্ৰ অসমীয়া মঞ্চ নামৰ সংগঠনৰ জন্ম হ'ল দৰঙৰ মাজ মজিয়াত ৷ দৰঙৰ মঙলদৈ চহৰত দেওবাৰে জন্ম পালে সংগঠনটোৱে । দীপাঞ্জল চহৰীয়া, মিন্টু বৰুৱা, অংকুমান ডেকা, অনন্ত কেঁওট, মিন্টু বৈশ্য, অঞ্জন গোস্বামীক আহ্বায়ক হিচাপে লৈ প্ৰায় শতাধিক সদস্যৰ উপস্থিতত গঠন হ'ল ভূমি পুত্ৰ অসমীয়া মঞ্চ ।
অসমত গঠন হ'ল আন এক নতুন সংগঠন - ভূমি পুত্ৰ অসমীয়া মঞ্চ
দৰঙৰ মঙলদৈ চহৰত দেওবাৰে জন্ম পালে ভূমি পুত্ৰ অসমীয়া মঞ্চ নামৰ সংগঠনটোৱে ৷ অসমীয়া জাতিৰ বাবে প্ৰতিটো ক্ষণতে মাত মাতিবৰ তথা যাতে প্ৰতিজন অসমীয়াই আত্ম নিৰ্ভৰশীল হৈ প্ৰতিজন অসমীয়াক জগাই তুলিব পাৰে তাৰ উদ্দেশ্যৰে এই সংগঠন গঠন কৰা হৈছে বুলি আহ্বায়ক সমিতিয়ে অৱগত কৰে ।
![অসমত গঠন হ'ল আন এক নতুন সংগঠন khilonjia bhumiputra asomiya mancha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8875841-847-8875841-1600641755255.jpg)
khilonjia bhumiputra asomiya mancha
অসমত গঠন হ'ল আন এক নতুন সংগঠন
অসমীয়া জাতিৰ বাবে প্ৰতিটো ক্ষণতে মাত মাতিবৰ তথা যাতে প্ৰতিজন অসমীয়াই আত্ম নিৰ্ভৰশীল হৈ প্ৰতিজন অসমীয়াক জগাই তুলিব পাৰে তাৰ উদ্দেশ্যৰে এই সংগঠন গঠন কৰা হৈছে বুলি আহ্বায়ক সমিতিয়ে অৱগত কৰে । ভূমি পুত্ৰ অসমীয়া মঞ্চৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে দৰঙৰ কন্ঠশিল্পী ৰবি হাজৰিকা । মঙলদৈত জন্ম গ্ৰহণ কৰা অসমৰ জনপ্ৰিয় গায়ক প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি জয়ন্ত হাজৰিকাৰ এটি গীতেৰে বাকী কাৰ্যসূচী ৰূপায়ণ কৰি মঙলদৈ চহৰৰ জনতাৰ মাজত মাক্স বিতৰণ কৰে ।