দৰং,22 নৱেম্বৰ: ছ'চিয়েল মিডিয়াৰ অপপ্ৰয়োগেৰে সমাজত যিদৰে এচাম লোকৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে, তেনে এক সময়তে একাংশ লোকে ছ'চিয়েল মিডিয়াৰ সৎ ব্যৱহাৰক ব্যৱসায়ৰ পন্থা হিচাবে গঢ়ি তুলিছে ৷ তাৰেই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দৰঙৰ দক্ষিণচুবুৰীৰ অনিন্দিতা স্বৰ্ণকাৰ নামৰ এগৰাকী যুৱতীয়ে ৷
অসমীয়াৰ স্বাভিমান গামোছা , চাদৰ মেখেলা আৰু চেলেং আদি তাঁতশালৰ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে উৎপাদন কৰিছে ৷ তদুপৰি ফুলাম জাপিত ঘড়ী সংযোজন কৰি সাজি উলিয়াইছে আটক ধুনীয়া ঘড়ী ৷ সকলো সামগ্ৰী ঘৰৰ পৰাই অনলাইনৰ মাধ্যমেৰে বিক্ৰী কৰিছে ৷ যাৰ যোগেদি অনলাইনৰ জগতখনৰ ক্ষেত্ৰত সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ SRB আত্মসহায়ক নামেৰে চৰকাৰী পঞ্জীয়ন ভুক্ত গোটটোৰ নেতৃত্ব প্ৰদান কৰিছে উচ্চ শিক্ষিত যুৱতী অনিন্দিতা স্বৰ্ণকাৰ নামৰ যুৱতীগৰাকীয়ে ৷ তাঁতশালৰ ক্ষুদ্ৰ উদ্যোগটোৱে গাঁৱৰ মহিলাসকলক স্বনিৰ্ভৰশীল হোৱাৰ পথ প্ৰদান কৰিছে ৷