অসম

assam

তিনিবছৰে বাংলাদেশৰ কাৰাগাৰাত বন্দী অসমৰ যুৱক

By

Published : Oct 12, 2019, 8:46 PM IST

বাংলাদেশৰ ফেনি জেলত তিনিবছৰে বন্দী অসমৰ দৰং জিলাৰ মঙলদৈৰ মুকুল হাজৰিকা নামৰ এজন যুৱক ৷

তিনিবছৰে বাংলাদেশৰ কাৰাগাৰাত বন্দী অসমৰ এজন যুৱক

দৰং,12 অক্টোবৰ :দৰঙৰ এজন যুৱক বাংলাদেশৰ জেলত তিনিবছৰে বন্দী হৈ থকা এক ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷ বাংলাদেশত ফেনি জেলত বন্দী হৈ থকা অসমৰ যুৱকজন হৈছে দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত কেওঁত পাৰা গাঁৱৰ মুকুল হাজৰিকা ৷

ঘটনা অনুসৰি প্ৰায় ৩ বছৰতকৈ অধিক সময়ৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল দৰঙৰ এই যুৱকজন ৷ পৰিয়ালৰ লোকৰ মতে তিনি বছৰ পূৰ্বে ঘৰৰ পৰা ৰিক্সা চলাবলৈ ওলাই গৈছিল মুকুল হাজৰিকাই । ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত ৷ কিন্তু কাৰাগাৰাত বন্দীত্বৰ ম্যাদ শেষ হোৱাৰ পাঁচমাহ উকলি যোৱাৰ পাছতো ঘৰলৈ ওভতি আহিবলৈ সক্ষম নহ'ল মুকুল হাজৰিকা নামৰ যুৱকজন ৷ কোনো মতে দিন হাজিৰা কৰি ঘৰখন চলাই থকা বৃদ্ধ পিতৃ ফুলেশ্বৰ হাজৰিকাই পুত্ৰক বাংলাদেশৰ পৰা আনিব পৰা নাই ৷ ইপনি জেলত আবদ্ধ হৈ থকা মুকুল হাজৰিকাৰ পত্নী সহ আছে তিনি সন্তান । ভাৰত চৰকাৰক দৰং জিলা প্ৰশাসনৰ যোগেদি বিগত ছমাহে অনুনয় বিনয় কৰি ভাগৰি পৰিছে যুৱকজনৰ পিতৃৰ লগতে তেখেতৰ পৰিয়াল ৷ বৰ্তমান দিশহাৰা হৈ পৰিছে পিতৃ ফুলেশ্বৰ হাজৰিকা ৷ আশ্চৰ্যজনক ভাৱে দৰিদ্ৰ পৰিয়ালটোৰ এই বিপদত কোনো সহায় কৰা নাই স্থানীয় প্ৰশাসনে ৷ বৰ্তমানলৈকে ভাৰত চৰকাৰে এই সন্দৰ্ভত বাংলাদেশৰ চৰকাৰৰ লগত কথা পতা অথবা অন্য কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

তিনিবছৰে বাংলাদেশৰ কাৰাগাৰাত বন্দী অসমৰ এজন যুৱক

ABOUT THE AUTHOR

...view details