দলগাঁও,২৫ অক্টোবৰ :শৰতৰ লগে লগে প্ৰকৃতিয়েও বিভিন্ন ধৰণে ৰূপ সলাইছে । ধৰাৰ বুকুত শীত নামিছে । পুৱা-গধুলি কুঁৱলীয়ে ধৰাত এক আৱৰণৰ সৃষ্টি কৰিছে । এনে এক মনোৰম পৰিৱেশৰ মাজতে দৰঙৰ দলগাঁৱলৈ আহিছে নতুন আলহী । শৰতৰ মাজতে নতুন আলহীৰো আগমন হোৱাত দলগাঁওবাসী যথেষ্ট আনন্দিত ।
আচলতে এই আলহী মানে আমি পৰিভ্ৰমী শামুকখোলাৰ কথা হে ক'ব বিচাৰিছো ।পৰিভ্ৰমী শামুকখোলা চৰাইৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ শিমলু, কৃষ্ণচূড়া গছবোৰ (Openbill Storks arrival in Dalgaon)। পথৰ দাঁতিত থকা শিমলু, কৃষ্ণচূড়া আদি গছত বাহ সাজিছে পৰিভ্ৰমী শামুকখোলা চৰাইয়ে । শ শ শামুকখোলাই শোভাবৰ্ধন কৰিছে দলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ । ইফালে বংশ বৃদ্ধিৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানৰ গছত বাহ সাজিছে চৰাইবোৰে ।
নিজ দলগাঁৱৰ প্ৰকৃতিপ্ৰেমী প্ৰয়াত লক্ষ্মী প্ৰসাদ দত্তৰ ঘৰৰ বাৰীত থকা ওখ ওখ শিমলু, কৃষ্ণচূড়া, বাঁহনি আৰু তামোল গছবোৰতো বাহ সাজিছে শামুকখোলাই । জানিব পৰা মতে এসময়ত প্ৰকৃতি প্ৰেমী লক্ষ্মী প্ৰসাদ দত্তই ৰক্ষণাৱেক্ষণ দি আহিছিল পৰিভ্ৰমী চৰাইবোৰক । যাৰ বাবে তেওঁ বাৰীত ৰোপণ কৰিছিল বিভিন্ন ধৰণৰ ওখ গছ আৰু সেই গছবোৰতে সুৰক্ষিতভাৱে আজি বাহ সাজিছে পৰিভ্ৰমী শামুকখোলাই (Arrival of migratory birds to Dalgaon)।