দৰং, 12 আগষ্ট: জোনবাইৰ বুকুত মানুহে ঘৰ সাজিছে ৷ পৃথিৱীখন সাউৎকৈ এপাক ফুৰি অহাৰো সুবিধা হৈছে ৷ কিয়নো আমি একবিংশ শতিকাৰ আধুনিক মানৱ জাতি ৷ একবিংশ শতিকাত স্থান নাই অন্ধবিশ্বাসৰ ৷ স্থান নাই সংকীৰ্ণতাবাদৰ ৷ কিন্তু এইখন অসমতে এই একবিংশ শতিকাত সংঘটিত হৈছে এক চৰম লজ্জাজনক ঘটনা ৷ সকলোকে স্তম্ভিত কৰা এটা ঘটনা ৷
আজিৰ পৰা 27 বছৰ পূৰ্বে মঙলদৈৰ গণকচুবাৰ অতুল শৰ্মা নামৰ লোকজনে বিয়া পাতি আনিছিল প্ৰণিতা দেৱীক ৷ সেইদিন ধৰি সামাজিকভাবে বহিস্কৃত-অস্পৃশ্য হৈ আছিল অতুল শৰ্মা আৰু তেওঁৰ পৰিয়াল (family victimized by social exclusion) ৷ কিয়নো অতুল শৰ্মা আছিল ব্ৰাহ্মণ ৷ বিয়া পাতি অনা প্ৰণিতা দেৱী আছিল কোঁচ সম্প্ৰদায়ৰ ৷ সমাজৰ যিকোনো অনুষ্ঠানতে অতুল শৰ্মাৰ পৰিয়ালৰ উপস্থিতি আছিল বৰ্জনীয় ৷
এইবাৰ চাওক সভ্য সমাজক, আধুনিক সমাজক স্তম্ভিত কৰি তোলা আটাইতকৈ মৰ্মান্তিক ঘটনাটো ৷ যোৱা মঙলবাৰে শেষনিস্বাস ত্যাগ কৰিলে অতুল শৰ্মাই (Atul Sarma)৷ কিন্তু তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আগবাঢ়ি নাহিল গাঁওখনৰ কোনো লোক ৷ উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে ওচৰৰে নৈৰ পাৰত পুতি থৈ আহিল অতুল শৰ্মাৰ নিথৰ দেহ ৷ স্বামীক এইদৰে শেষ বিদায় জনাবলগীয়া হ'ব বুলি হয়তো ভবা নাছিল দুৰ্ভগীয়া পত্নী প্ৰণিতা দেৱীয়েও ৷
সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল: গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰৰ ব্যৱস্থা এই ঘটনাৰ খবৰ পাই আজি গণকচুবা গাঁৱত উপস্থিত হয় প্ৰশাসনৰ লোক(Darang district administration) ৷ লগতে আহি পাইহি কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলো (AKRASU representatives) ৷ সকলোৰে উপস্থিতিত খান্দি উলিওৱা হয় প্ৰয়াত অতুল শৰ্মাৰ মৃতদেহ ৷ তাৰ পিছত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি পুনৰবাৰ অন্তিম সংস্কাৰ কৰা হয় ৷ একবিংশ শতিকাৰ পিঠিত উঠি প্ৰগতিমুখী দুৰ্বাৰ যাত্ৰাত আপোনভোলা হৈ থকা মানৱ জাতিৰ বাবে এই ঘটনাক কি বুলি আখ্যা দিব ?
লগতে পঢ়ক:Tragic incident: অসবৰ্ণ বিবাহ কৰাৰ বাবেই অতুল শৰ্মাক সৎকাৰৰ বাবে নাহিল কোনো