অসম

assam

ETV Bharat / state

ক'ভিড আক্ৰান্তৰ বাবে এটি পৰিয়ালে যোগান ধৰিছে সুস্বাদু আহাৰ

মঙলদৈ চহৰৰ ক'ভিড আক্ৰান্ত লোক সকলক সহায়ৰ বাবে ওলাই আহিছে এটি পৰিয়াল ৷ চহৰখনৰ ক'ভিড আক্ৰান্ত লোক সকলৰ বাবে বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰা পৰিয়ালটোৱে নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি আক্ৰান্তৰ ঘৰৰ পদূলি দি থৈ আহে সুস্বাদু আহাৰৰ টোপোলা ৷

ক'ভিড আক্ৰান্তৰ বাবে এটি পৰিয়ালে যোগান ধৰিছে সুস্বাদু আহাৰ
ক'ভিড আক্ৰান্তৰ বাবে এটি পৰিয়ালে যোগান ধৰিছে সুস্বাদু আহাৰ

By

Published : May 12, 2021, 8:25 AM IST

দৰং, 12 মে': চৌদিশে মহামাৰী কৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে মঙলদৈৰ এটি পৰিয়ালে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ মঙলদৈ চহৰৰ ক'ভিড আক্ৰান্ত লোকসকলক সহায়ৰ উদ্দেশ্যে ওলাই আহিছে পৰিয়ালটো ৷ কৰ'ণাৰ প্ৰাদুৰ্ভাৱে জনজীৱন স্তব্ধ কৰি তোলাৰ সময়তে মঙলদৈৰ সোমা দে হাজৰিকা নামৰ মহিলাগৰাকীৰ লগতে তেখেতৰ পৰিয়ালে ক'ভিড আক্ৰান্ত লোক সকলৰ বাবে বিনামূলীয়াকৈ যোগান ধৰি আহিছে সুস্বাদু আহাৰ ৷

ক'ভিড আক্ৰান্তৰ বাবে এটি পৰিয়ালে যোগান ধৰিছে সুস্বাদু আহাৰ

সামাজিক মাধ্যমৰ জৰিয়তে মঙলদৈত ক'ভিড আক্ৰান্ত লোকৰ বাবে সহায়ৰ লগতে ৰোগী সকলৰ বাবে খাদ্য যোগান ধৰাৰ উদ্দেশ্য এটি বাৰ্তা প্ৰেৰণৰ পাচতে মঙলদৈ চহৰৰ বহুকেইটা পৰিয়ালে যোগাযোগ কৰে মহিলাগৰাকীৰ লগত ৷ সেই অনুসৰি নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি আক্ৰান্তৰ ঘৰৰ পদূলি দি থৈ আহে সুস্বাদু আহাৰৰ টোপোলা ৷

উল্লেখ্য যে, বিগত বছৰটো মহামাৰীৰ সময়ত বহু পৰিয়ালক সহায় কৰিছিল কৰিমচ'কৰ বাসিন্দা স্বামী কংকন হাজৰিকাৰ সহযোগত তেওঁৰ পত্নী সোমা দে হাজৰিকাই ৷ এইবেলিও স্বামী, দুই কন্যা আৰু একমাত্ৰ পুত্ৰৰ সহযোগত সহায়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত সকলোৱে শলাগ লৈছে পৰিয়ালটোৰ ৷

লগতে পঢ়ক:যোৰহাটত সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details