অসম

assam

ETV Bharat / state

দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ - undefined

পুনৰ এবাৰ ভূ-লুণ্ঠিত মানৱতা, দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

By

Published : Jul 31, 2019, 4:28 PM IST

দলগাওঁ, 31 জুলাইঃ পুনৰ এবাৰ ভূ-লুণ্ঠিত মানৱতা, দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ৷ তথ্য অনুসৰি, দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱঁত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা৷ পাষাণ পুত্ৰ নুৰ ইছলামে প্ৰথমে বঠীৰে ডিঙিত ঘপিয়াই ধৰাশায়ী কৰে পাকঘৰত কাম কৰি থকা মাতৃ মেৰুজা বেগমক৷ মাতৃক ঘৰত আক্ৰমণ কৰাৰ পাছত ৰাস্তাত কাম কৰি থকা পিতৃক হত্যাৰ বাবে পুনৰ বঠীৰে আক্ৰমণ কৰে হত্যাকাৰী পুত্ৰই৷ গুৰুতৰ ভাৱে আহত হোৱা মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷আহত পিতৃ আহম্মদ আলীক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে হত্যাকাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷ দিন দুপৰতে সংঘটিত এই জঘন্য কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details