অসম

assam

ETV Bharat / state

চিকিৎসাৰ বাবে সাঁচি ৰখা ধন দান কৰিলে এগৰাকী কেন্সাৰ ৰোগীয়ে

চিকিৎসাৰ বাবে সাঁচি ৰখা ধন দান কৰি মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী কেন্সাৰ ৰোগীয়ে ৷ এই লোকজন হৈছে দৰঙৰ খাৰুপেটীয়াৰ মংগলসিং ঝাঁঝৰি ৷

খাৰুপেটীয়াৰ মংগলসিং ঝাঁঝৰি
চিকিৎসাৰ বাবে সাঁচি ৰখা ধন দান কৰিলে এগৰাকী কেন্সাৰ ৰোগীয়ে

By

Published : May 5, 2020, 8:50 PM IST

দৰং, 5 মে' : ৰাজ্যৰ একাংশ কেন্সাৰ ৰোগীয়ে চিকিৎসাৰ বাবে দান-বৰঙণি বিচাৰি অহাৰ সময়তে দৰঙৰ খাৰুপেটীয়াৰ এগৰাকী কেন্সাৰ ৰোগীয়ে মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুঁজিবৰ বাবে ৰাজ্যত গঠন কৰা আৰোগ্য নিধিলৈ আগবঢ়ালে ধন । নিজৰ চিকিৎসাৰ বাবে সাঁচি ৰখা ধন এনেদৰে আৰোগ্য নিধিলৈ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিলে মংগলসিং ঝাঁঝৰি নামৰ লোকজনে ৷

খাৰুপেটীয়াৰ মংগলসিং ঝাঁঝৰি

মংগলসিং ঝাঁঝৰি হৈছে অসম আন্দোলনৰ এগৰাকী অক্লান্ত কৰ্মী, অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু সাংবাদিকতাৰ লগতো জড়িত আছিল । প্ৰায় ৩ বছৰ পূৰ্বে জটিল কেন্সাৰ ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে কণ্ঠ হেৰুওৱাৰ লগতে অসুস্থ হৈ পৰাৰ বাবে সাংবাদিকতাৰ পৰা আঁতৰি আহে ঝাঁঝৰিয়ে ৷

অৱশ্যে তেওঁ খাৰুপেটীয়া প্ৰেছ ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি দৰং জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা হিচাপেও নিৰ্বাচিত হৈছিল । তেওঁ বিজেপি দলত যোগদান কৰি দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ উপ-সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল ৷

ABOUT THE AUTHOR

...view details