দৰং, 30 নৱেম্বৰ :মঙলদৈৰ দুলাল হীৰা নামৰ এগৰাকী ব্যৱসায়ী তথা সমাজ কৰ্মীয়ে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। মঙলদৈৰ নিকটৱৰ্তী ৰঙামাটি-কলাইগাওঁ পৰা কামেইপাৰা হৈ হীৰাপাৰা সংযোগী পথৰ শাকতোলা নদীৰ ওপৰত নিৰ্মাণ কৰিলে এই দলংখন।
দীৰ্ঘদিন ধৰি এই দলং খনৰ অভাৱ অনুভৱ কৰি অহা ৰাইজে দলং খন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আৱেদন নিবেদন কৰিছিল ৷ কিন্তু বিগত দিনত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷