দৰং,24 ছেপ্তেম্বৰঃ আজি বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ ৭৯ সংখ্যক উপজা দিন। শিল্পী পেঞ্চন প্ৰাপ্ত তথা অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰাপক শিল্পী গৰাকীয়ে ভ্ৰাম্যমানৰ বাবে ১৫০ খনতকৈয়ো অধিক নাটক ৰচনা কৰিছে। জন্ম দিন উপলক্ষে বাসগৃহলৈ গৈ গুণ মুগ্ধ সকলে শিল্পীগৰাকীক জনালে শুভেচ্ছা জ্ঞাপন ।
আজি বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তৰ ৭৯ সংখ্যক উপজা দিন - ১৫০ খনতকৈয়ো অধিক নাটক ৰচনা
শিল্পী গৰাকীয়ে ভ্ৰাম্যমানৰ বাবে ১৫০ খনতকৈয়ো অধিক নাটক ৰচনা কৰিছে । ভ্ৰাম্যমান ধিয়েটাৰৰ বাবে ক’ৰণা মহামাৰী অভিষাপ বুলি কৈ ভাল দিন আহিব বুলি আশা প্ৰকাশ কৰিলে বিশিষ্ট নাট্যকাৰ গৰাকীয়ে ৷
জন্মদিনৰ এই দিনটোতেই শিল্পী গৰাকীয়ে ক’ৰণা মহামাৰীৰ বাবে সময়বোৰ অতি চিন্তনীয় হৈ পৰাৰ লগতে এনে দুৰ্যোগৰ সময়ত ৰাইজে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় সকলোকে । আনহাতে ভ্ৰাম্যমান ধিয়েটাৰৰ বাবে ক’ৰণা মহামাৰীক অভিশাপ বুলি কৈ সোনকালে ভাল দিন আহিব বুলি আশা প্ৰকাশ কৰে। হেমন্ত দত্তৰ জন্মদিন উপলক্ষে জোনতৰা কলা কেন্দ্ৰ, মঙলদৈ প্ৰেছ ক্লাব, আন্তঃমঙলদৈ ছাত্ৰ সংস্থা আদিকে ধৰি বিভিন্ন অনুস্থান প্ৰতিস্থানে জনালে শুভেচ্ছা ৷
লগতে পঢ়কঃৰাজ্যজুৰি আছুৰ প্ৰতিবাদঃ ৰাজ্যৰ চুকে-কোনে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি