অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি উলহ-মালহৰে গণৰাজ্য দিৱস উদযাপন - বিলাসীপাৰা মহকুমাত দেশৰ ৭১ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন

সমগ্ৰ দেশৰ লগতে অসমৰ সকলো অঞ্চলতে উলহ-মালহৰে 71সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ আন আন অঞ্চলৰ দৰে দৰঙৰ খাৰুপেটীয়া, ধনশিৰিৰ সৰুপথাৰ, আমিনগাঁও, বিলাসীপাৰা আৰু হোজাই জিলাত ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলনৰ লগতে পেৰেড, সাংস্কৃতিক পট প্ৰদৰ্শনেৰে গণৰাজ্য দিৱস উদযাপন কৰে ৷

71 Republic Day celebration in various place of  Assam
ৰাজ্যজুৰি উলহ-মালহৰে গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2020, 8:57 PM IST

দলগাঁও,২৬ জানুৱাৰী : দৰঙৰ জিলাৰ খাৰুপেটিয়াৰ বিভিন্ন স্কুল কলেজৰ লগতে মাদ্ৰাছা সমুহতো ৭১তম গণতন্ত্ৰ দিৱস উলহ মালহেৰে উদযাপন কৰা হয় । এই উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এই বছৰো ওঝাগাঁও তামিজিয়া মাদ্ৰাছা, আৰিমাৰী হাফিজিয়া মাদ্ৰাছা, দাৰুল উলুম খাৰুপেটীয়া মাদ্ৰাছা, ওজাগাঁও হাফিজিয়া মাদ্ৰাছা, কাৱাডাঙা ছিদ্দিকিয়া মাদ্ৰাছা আদিত উলহ- মালহেৰে পালন কৰা হয় ৭১তম গণতন্ত্ৰ দিৱস । ওঝাগাঁও তামিজিয়া মাদ্ৰাছাত পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক মুফটী অলিউদ্দিন মোছাবিয়ে । একেদৰে খাৰুপেটীয়া টাউন ফিল্ডত পতাকা উত্তোলন কৰে পৌৰ সভাৰ সভানেত্ৰী কৃষ্ণা সাহাই ।

খাৰুপেটীয়াৰ মাদ্ৰাছাত গণতন্ত্ৰ দিৱস উদযাপন

সৰুপথাৰ: ধনশিৰি মহকুমাৰ কেন্দ্ৰীয় ভাৱে সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ৭১ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধনশিৰি মহকুমাধিপতি ডা: পি উদয় প্ৰবীন | অনুষ্ঠানটোত আৰক্ষী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে মহকুমাধিপতি ডা: পি উদয় প্ৰবীন ধনশিৰি মহকুমাৰ বিভিন্ন বিভাগৰ কাম কাজৰ খতিয়ান দাখিল কৰে | গণৰাজ্য দিৱস অনুষ্ঠানত মু্ক্তি যুঁজাৰু সকলৰ পৰিয়াল বৰ্গও উপস্থিত থাকে ৷

সৰুপথাৰ ৰাজহুৱা খেলপথাৰত ৭১ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

আমিনগাঁও: আমিনগাঁও নুমলী জলাহ খেলপথাৰত দেশৰ ৭১তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন । আমিনগাঁৱত উদযাপন কৰা গণৰাজ্য দিৱসত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই পতাকা উত্তোলন কৰে । অনুষ্ঠানটোত চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সন্দৰ্ভত আলোকপাত কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই । কামৰূপ জিলা আমিনগাঁওত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু আৰক্ষী জোৱানৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে । জিলাখনৰ স্বাধীনতা সংগ্ৰামী, পাৰদৰ্শী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনায় গণৰাজ্য দিৱস অনুষ্ঠানটোত উপস্থিত থকা চয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ।

আমিনগাঁও নুমলী জলাহ খেলপথাৰত দেশৰ ৭১তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন

বিলাসীপাৰা : সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো আজি দেশৰ ৭১ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে মহকুমা প্ৰশাসনৰ উদ্যোগত ইন্দ্ৰনাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰায় ১০ হাজাৰ ৰাইজৰ উপস্থিতিত বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মৃদুল যাদৱে আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী,এন.চি. চি তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।

বিলাসীপাৰা মহকুমাত দেশৰ ৭১ তম গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন

হোজাই: হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ স্থিত কছাৰী ময়দানত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৭১তম গণৰাজ্য দিৱস । কছাৰী ময়দানত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৭১তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁইয়ে । ইয়াৰ পিছত অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়ৰ সমূহে প্ৰদর্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ।

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ স্থিত কছাৰী ময়দানত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৭১তম গণৰাজ্য দিৱস

এই অনুষ্ঠানত হোজাই জিলাৰ বিভিন্ন চৰকাৰী বিভাগ সমূহে নিজৰ নিজৰ বিভাগৰ প্ৰদৰ্শনী কৰে । ইয়াৰ উপৰি জিলাৰ বহু কেইজন গণ্যমান্য ব্যক্তিক জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:নিৰাপত্তা বেষ্টনীৰ মাজতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details