মঙলদৈ,27 এপ্ৰিল : দৰঙত মঙলবাৰে ৬৭ জন লোকৰ শৰীৰত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰে । মঙলবাৰে চিনাক্ত হোৱা 67 গৰাকীক লৈ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 628 জনলৈ বৃদ্ধি পালে । সম্প্ৰতি চিকিৎসাধীন হৈ আছে 426 গৰাকীকৈ ক'ভিডত আক্ৰান্ত ৰোগী । ইয়াৰে 53 জন চিকিৎসালয়ত থকাৰ বিপৰীতে 371 জন আক্ৰান্ত ৰোগীক হোম কোৱাৰান্টাইন কৰা হৈছে ৷
চিকিৎসালয়ত থকা ক'ভিড-19 আক্ৰান্ত সকলৰ ভিতৰত 36 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু 7 গৰাকীক জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত 5 জন, গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত 4 জনৰ লগতে এক্সেল কেয়াৰ হস্পিতালত এজন লোকক ভৰ্তি কৰা হৈছে ।