মঙলদৈ, ৫ ছেপ্টেম্বৰ : আজি দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই শিক্ষক দিৱস অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে । আজিৰ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, সাংসদ আৰু বিধায়ক কেইগৰাকী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষই ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই শিক্ষা আৰু জ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গৰিমা আৰু ঐতিহ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । শিক্ষকতাক বিশ্বৰ পৱিত্ৰতম বৃত্তি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সমাজত শিক্ষাগুৰু তথা জ্ঞানৰ সাধক সকলক সদায়ে উচ্চাসন দিয়া হয় । জ্ঞানৰ সাধনা-চৰ্চা ভাৰতীয় ঐতিহ্যৰ অংশ । সেয়ে কুৰুক্ষেত্ৰত দুয়ো পক্ষ যুযুধান অৱস্থাত থাকোতে ভাগৱত গীতাৰ সৃষ্টি সম্ভৱ হৈছিল । ভাৰতবৰ্ষই অস্ত্ৰ লৈ নহয়, শাস্ত্ৰ লৈ অৰ্থাৎ জ্ঞানৰ পোহৰ লৈ বিশ্ব জয় কৰিবলৈ গৈছিল বুলি তেওঁ মন্তব্য কৰে । এনে পৱিত্ৰ ভাৰত ভূমিতেই ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে দাৰ্শনিক-পণ্ডিতে জন্ম গ্ৰহণ কৰিছিল । মানৱ সভ্যতাৰ এনে মহান শিক্ষাগুৰুসকলৰ আদৰ্শ অনুকৰণ কৰি মানৱ সম্পদ গঢ় দিয়াৰ পৱিত্ৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি যাবলৈ তেওঁ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায় ।
সভাত ভাষণ প্ৰদান কৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে এগৰাকী শিক্ষকৰ দায়িত্ব, কৰ্তব্য আৰু প্ৰাপ্তিৰ মহত্বৰ কথা উল্লেখ কৰে । নিজৰ শিক্ষক জীৱনত অভিজ্ঞতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে থকা সু-সম্পৰ্কৰ কথা স্মৰণ কৰি ড৹ ৰাজবংশীয়ে কয় যে সমাজৰ অগ্ৰগতিত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব লাগিব । এগৰাকী শিক্ষকে ত্যাগৰ মহত্বৰ সমানে প্ৰাপ্তিৰ আনন্দও উপভোগ কৰিব পাৰে । নিজৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰণ আৰু তেওঁলোকৰ পৰা পোৱা সন্মানৰ সমান মহান প্ৰাপ্তি নাই বুলি তেওঁ মন্তব্য কৰে ।