দলগাও, ১৯ ফেব্ৰুৱাৰী :দৰঙৰ খাৰুপেটীয়াত শুকুৰবাৰে পাঁচ জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ খাৰুপেটীয়া ঘনশিমলূত নিশা জুৱা খেল চলাই থকা অৱস্থাত খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে আটক কৰে পাঁচ জুৱাৰীক ৷
খাৰুপেটীয়াত ২৩ হাজাৰ টকাসহ ৫ জুৱাৰী আটক - gambler arrested
দৰঙৰ খাৰুপেটীয়াত শুকুৰবাৰে পাঁচ জুৱাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ খাৰুপেটীয়া ঘনশিমলূত নিশা জুৱা খেল চলাই থকা অৱস্থাত খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে আটক কৰে পাঁচ জুৱাৰীক ৷

খাৰুপেটীয়াত ২৩ হাজাৰ টকাসহ ৫ জুৱাৰী আটক
আটকাধীন জুৱাৰী কেইজন ক্ৰমে, ঘনশিমলু গাঁৱৰ জয়নাল আব্দিন, নুৰুদ্দিন আহমেদ, দিলোৱাৰ হুছেইন, পূৱ বাহাবাৰী গাঁৱৰ আমিৰুল ইছলাম আৰু মোৱামাৰীৰ আব্দুল খালেক ৷ জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ২৩ হেজাৰ ছশ টকাৰ সৈতে জুৱাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷