অসম

assam

ETV Bharat / state

দৰঙত 32 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা - 67 নং মঙলদৈ (অনুসূচিত) বিধানসভা সমষ্টি

দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিত মনোনয়ন দাখিল কৰা 35 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 32 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰিছে ৰিটাৰ্ণিং বিষয়াই ৷ 67 নং মঙলদৈ সমষ্টিত এআইইউডিএফ দলৰ হৈ মনোনয়ন দিয়া মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ৰ লগতে নিৰ্দলীয় ৰণেন্দ্ৰ সৰকাৰৰ মনোনয়ন নাকচ কৰা হৈছে ৷

32-candidates-nomination-accepted-for-4-constituencies-of-darrang
দৰঙৰ চাৰি সমষ্টিত 32 গৰাকীৰ মনোনয়ন বৈধ ঘোষণা

By

Published : Mar 15, 2021, 10:01 PM IST

মঙলদৈ,15 মাৰ্চ: দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বিপৰীতে মনোনয়ন দাখিল কৰা 35 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 32 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰিছে ৰিটাৰ্ণিং বিষয়াই ৷ আনহাতে 67 নং মঙলদৈ (অনুসূচিত) সমষ্টিত এআইইউডিএফ দলৰ হৈ মনোনয়ন দিয়া মতিলাল মণ্ডল আৰু অজয় কুমাৰ ৰয়ৰ লগতে নিৰ্দলীয় ৰণেন্দ্ৰ সৰকাৰৰ মনোনয়ন নাকচ কৰা হৈছে ৷

65 নং কলাইগাঁও বিধানসভা সমষ্টিত মনোনয়ন দাখিল কৰা বিপিএফৰ দুৰ্গা দাস বড়ো, ভাৰতীয় জনতা পাৰ্টীৰ মধুৰাম ডেকা, অসম জাতীয় পৰিষদৰ যাদৱ শইকীয়া, ইউপিপিএলৰ কামাল আজাদ, ভাৰতীয় গণ পৰিষদৰ সুধেন্দু মোহন তালুকদাৰ, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ ভগৱান ডেকা, এছইউচিআইৰ জিতেন্দ্ৰ চলিহা, নিৰ্দলীয় গৌম্বৌৰ মুছাহাৰী, কানুৰাম শইকীয়া, দুলাল কুমাৰ বৰুৱা, ৰাকেশ বড়ো, পংকজ অসমীয়া, কমল চৌধুৰী আৰু ৰাধেশ্যাম চৌহানৰ মনোনয়ন পত্ৰ বৈধ হৈছে ৷

একেদৰে 66 নং ছিপাঝাৰ বিধানসভা সমষ্টিত বিজেপিৰ পৰমানন্দ ৰাজবংশী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কুলদীপ বৰুৱা, অসম জাতীয় পৰিষদৰ গীতিকা কাকতি, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ হৰেশ্বৰ ডেকা, এছইউচিআইৰ পাহেশ্বৰী বৰুৱা, নিৰ্দলীয় ক্ৰমে অৰুণ বৰুৱা, আছিফুন নেছা, অমিয় কুমাৰ ডেকা তথা ছাহনুৰ আলীৰ মনোনয়ন পত্ৰ বৈধ হৈছে ৷

ইপিনে 67 নং মঙলদৈ (অনুসূচিত) বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাস, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বসন্ত দাস, অসম জাতীয় পৰিষদৰ গকুল বৰুৱা, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ জিতেন্দ্ৰ সৰকাৰৰ মনোনয়ন বৈধ হোৱা বুলি ঘোষণা কৰা হৈছে ৷

সেইদৰে 68 নং দলগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইলিয়াছ আলী, অসম গণ পৰিষদৰ হবিবুৰ ৰহমান, এআইইউডিএফৰ মজিবুৰ ৰহমান, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ ছাইফুল হক আৰু নিৰ্দলীয় আৰব আলীয়ে দাখিল কৰা মনোনয়ন বৈধ হৈছে ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 17 মাৰ্চ ৷

লগতে পঢ়কঃনলবাৰীত পোষ্টেল ভোট সন্দৰ্ভত জৰুৰী সভা

ABOUT THE AUTHOR

...view details