দলগাঁও, 24 জানুৱাৰীঃশুকুৰবাৰে ধূলা শংকৰ-আজান ৰংমঞ্চত 136 নং বিএন চিআৰপিএফে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশৰ বাবে বিতৰণ কৰে বহু খেলৰ সামগ্ৰী ৷ প্ৰত্যেক বছৰৰ দৰে এই বছৰো দৰঙৰ ধূলাস্থিত 136 নং বি এন চিআৰপিএফৰ কেম্পৰ উদ্যোগত ধূলা থানাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিদ্যালয়ত বিতৰণ কৰা হয় এই খেলৰ সামগ্ৰী সমূহ ।
136 নং বিএন চি আৰ পিএফৰ উদ্যোগত বিতৰণ খেলৰ সামগ্ৰী - 136 নং বিএন চিআৰপিএফ
ধূলাত 136 নং বি এন বি চি আৰ পিএফৰ উদ্যোগত খেলৰ সা-সামগ্ৰী বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় সামগ্ৰী সমূহ

136 নং বিএন চিআৰপিএফ ৰ উদ্যোগত বিতৰণ খেলৰ সামগ্ৰী
প্ৰায় পাঁচ শতাধিক ৰাইজ,ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় খেলৰ সামগ্ৰী সমূহ। এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰীস্থিত 136 নং বিএন চিআৰপিএফ উচ্চ কাৰ্যালয়ৰ কমাণ্ডাৰ অফিচাৰ পিচি চৌহান, ধূলা চিআৰপিএফ আৰক্ষী বি চি নাৰ্জাৰী, দৰং জিলাৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ লগতে বিভিন্ন বিদ্যালয়ৰ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকল । উক্ত সামগ্ৰী বিতৰণ অনুষ্ঠানৰ লগত সংগত ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিনামূলীয়া চিকিৎসা সেৱাও আগবঢ়োৱা হয় ৷
136 নং বিএন চিআৰপিএফ ৰ উদ্যোগত বিতৰণ খেলৰ সামগ্ৰী