দৰং,27 মে':ক'ভিডৰ ভয়াৱহ গণ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নীতি তথা ন-ন নিৰ্দেশনা জাৰি কৰাৰ পাচতো কিন্তু ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ ৷ মূলত গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি অধিক জটিল হৈ থকাৰ সমান্তৰালকৈ আন বহু কেইখন জিলাত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ ৷ ইয়াৰ মাজতে দৰং জিলাত শেহতীয়াকৈ 24 ঘন্টাত 100 গৰাকী লোকৰ দেহত নতুনকৈ ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷
ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন - 100 covid positive found in Darrang
বিগত 24 ঘন্টাত দৰঙত নতুনকৈ 100 গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ কন্টেইনমেন্ট জ'নত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰিলে আৰক্ষীয়ে ৷
![ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন 100-covid-positive-found-in-darrang-in-last-24-hours](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11924776-thumbnail-3x2-p1.jpg)
ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন
ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন
ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মঙলদৈ সমষ্টিত 4 টাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷ কন্টেইনমেন্ট জ'নত থকা ৰাইজৰ যাতে খোৱা-বোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ ভাৱে লক্ষ্য ৰাখি কন্টেইনমেন্ট জ'ন কেইটাত থকা প্ৰতিটো পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে দৰং জিলা প্ৰশাসনে ৷ চৰকাৰী খাদ্য সামগ্ৰী বিতৰনত বিশেষ ভূমিকা পালন কৰিছে মঙলদৈ আৰক্ষীয়ে ৷
লগতে পঢ়কঃএইবাৰ গহপুৰত আটক মহিলা ড্ৰাগছ মাফিয়া