চিৰাং, 28 মাৰ্চ :চিৰাঙৰ বিজনীৰ পাণবাৰী ৰাণীঘাটত অঘটন ৷ সোমবাৰে পাণবাৰী ৰাণীঘাট বনভোজস্থলীৰ হাকুৱা নৈত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় এজন যুৱকে । মৃত যুৱকজন সৰভোগৰ ৰাহুল মজুমদাৰ বুলি জানিব পৰা গৈছে (Youth died drowning in river) ৷ নিহত ৰাহুল মজুমদাৰৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, সোমবাৰে বিয়লি পাঁচ বন্ধুৰ সৈতে ৰাণীঘাটৰ বনভোজস্থলীত ফুৰিবলৈ গৈছিল ৰাহুল মজুমদাৰ ৷ তাৰ পাচতে ৰাণীঘাটৰ হাকুৱা নৈত পাঁচ বন্ধুৰ সৈতে গা ধুবলৈ নামিছিল ৰাহুল । তেতিয়াই হঠাৎ নৈৰ বুকুত সন্ধানহীন হৈ পৰে যুৱকজন ৷
উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় পাণবাৰী থানাৰ আৰক্ষী আৰু বিজনীৰ SDRF ৰ দলক । পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ হাকুৱা নৈৰ পৰা উদ্ধাৰ কৰে ৰাহুল মজুমদাৰ নামৰ যুৱকজনৰ মৃতদেহ (Youth died in Chirang) ৷
ৰাহুলৰ পৰিয়াল আৰু আত্মীয়ই যুৱকজনৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷ এগৰাকী আত্মীয়ই কয়, ‘‘মৃত ৰাহুল মজুমদাৰৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ এয়া কোনো দুৰ্ঘটনা নহয় ৷ পৰিকল্পিতভাৱে সতীৰ্থসকলে হত্যা কৰি পানীত পেলাই দিছে ৰাহুলক ৷ আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত কৰিব লাগে’’ ৷