অসম

assam

বঙাইগাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে

By

Published : Jul 18, 2020, 3:03 PM IST

বঙাইগাঁও জিলাখনত ক্ৰমাৎ অৱনতি ঘটিছে বান পৰিস্থিতিৰ ৷ আজিও পানীৰ তলতেই আছে বহুটো অঞ্চল ৷

বঙাইগাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে
বঙাইগাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে

চিৰাং, 18 জুলাই : বঙাইগাঁও জিলাত অব‍্যাহত আছে বানপানীৰ বিভীষিকা । আজিও পানীৰ তলত আছে জিলাখনৰ বহুকেইখন গাঁও । বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত আই নদীয়ে যিদৰে গৰাখহনীয়া আৰু বানপানীত ক্ষতি কৰিছে একেদৰেই বৰলুইতৰ বানেও ব‍্যাপক ক্ষতি কৰা পৰিলক্ষিত হৈছে । বিগত 20/25 দিনে পানীৰ তলতেই আছে বহু গাঁও । বৰলুইতৰ বানত সৰ্বশ্ৰান্ত হৈছে দৰিদ্ৰ কৃষক । ঘৰৰ ওপৰেৰে বৈছে পানী । উৱাদিহ নোপোৱা বন‍্যাৰ্তই চৰকাৰী সহায়ৰ অপেক্ষাত আছে যদিও আজিলৈকে কোনো চৰকাৰী প্ৰতিনিধি এইসমূহ বানাক্ৰান্তৰ কোনো খবৰ ল'বলৈ নোযোৱা বুলি অভিযোগ উত্থাপন হৈছে ।

বঙাইগাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে

নাৱেৰে আমি জিলাখনৰ যোগীঘোপাৰ মাজেৰ আলগা গাঁও পঞ্চায়তৰ ভূতকুৰা দ্বিতীয় খণ্ডৰ বান পৰিস্থিতিৰ বুজ লৈছিলো । য'ত বহু ঘৰ পানীৰ তলত দেখিবলৈ পোৱা গৈছিল । ঠায়ে ঠায়ে পশুধন আৰু মানুহ আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছিল । চৰকাৰে কোনো সহায় নকৰাৰ অভিযোগ পাই আমি ভ্ৰমণ কৰি বাস্তৱ চিত্ৰ পাইছিলো বানপানী আৰু চৰকাৰী সাহাৰ্যৰ ।

বানত বুৰ যোৱা কেইটামান বাসগৃহ

ব্ৰহ্মপুত্ৰ নৈৰ এই বানপানী কিমান দিন এইদৰে থাকিব সেয়া কোনেও ক'ব নোৱাৰে । পানী কমাৰ কোনো চিন চাব নাই । চাৰিও দিশে পানী আৰু পানী । যেন ভূতৰ ওপৰত দানহ পৰাদি ক'ভিড-19 মহামাৰীৰ আতংক,লক ডাউনৰ মাজতে বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ।

বানৰ কৱলত পৰা পশুধনৰ অৱস্থা

লগতে পঢ়কঃবানপানীৰ ভয়ানক দৃশ‍্যই কপাইছে বঙাইগাঁও জিলাৰ মাজেৰ আলগা গাঁও পঞ্চায়ত

ABOUT THE AUTHOR

...view details