বঙাইগাঁও, 18 জুন :বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সিদলসতীত বোৱাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সিদলসতীৰ জাৰাগুৰিত নাতিবোৱাৰীক নিৰ্যাতন এজন বৃদ্ধৰ। এই ঘটনাত ক্ষুব্ধ হৈ নিৰ্যাতিতাৰ স্বামীৰ ঘৰ ঘেৰাও কৰিলে শতাধিক লোকে। ককা, ননদ আৰু এজন বাহিৰৰ ল’ৰাৰ দ্বাৰা এগৰাকী বোৱাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৰাইজৰ।
বোৱাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি সিদলসতীত উত্তেজনা - সিদলসতী
বঙাইগাঁও জিলাৰ সিদলসতীত বোৱাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । ক্ষুব্ধ ৰাইজে আটক কৰি আৰক্ষীক গটালে নিৰ্যাতনকাৰীক ৷
![বোৱাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি সিদলসতীত উত্তেজনা woman harras](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7667738-651-7667738-1592476918932.jpg)
গেটত তলা লগাই বোৱাৰীগৰাকীক মাৰপিট কৰাৰ অভিযোগ উঠিছে পৰিয়ালটোৰ বিৰুদ্ধে । ৰাইজে দুই নিৰ্যাতনকাৰীক আটক কৰি গটাই দিয়ে আৰক্ষীক । আনহাতে, ঘৰ ঘেৰাও কৰাৰ সময়তে চেগ বুলি পলায়ন নিৰ্যাতনকাৰী স্বামী ৰেজাউল ইছলামৰ। নিৰ্যাতনকাৰী বৃদ্ধজনৰ নাম চৈদৰ ৰহমান আৰু যুৱকজনৰ নাম শ্বাহ আলম । শ্বাহ আলমে ভিডিঅ' কৰিছিল নিৰ্যাতনৰ সমগ্ৰ দৃশ্য। ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষীৰ দল উপস্থিত হৈ আটক কৰে আটক কৰে নিৰ্যাতনকাৰী দুই ননদকো। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ