অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা - বঙাইগাঁওৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা

বঙাইগাঁওৰ চাপৰাকাটাত শুকুৰবাৰে ছিতাৰাম আগৰৱালাৰ গুদামৰ পৰা জব্দ কৰে দহ লক্ষাধিক টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা ৷

বঙাইগাঁও
বঙাইগাঁওৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা

By

Published : Feb 1, 2020, 3:29 PM IST

চিৰাং, 1 ফেব্ৰুৱাৰীঃ বঙাইগাঁওৰ চাপৰাকাটাত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অহা আৱকাৰী চোৰাংচোৱা আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অভিযান । অভিযানত প্ৰায় দহ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ কৰে আবকাৰী বিভাগে ৷

৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ ঘাটি স্থাপন কৰি সুৰাৰ কলা ব্যৱসায় চলোৱাৰ অভিযোগ সুৰা মাফিয়াৰ বিৰুদ্ধে৷ চাপাৰাকাটা উৰনীয়া সেঁতুৰ ওচৰত এই সুৰাৰ ঘাটি স্থাপন কৰাৰ খবৰ পাই গুৱাহাটীৰ পৰা অহা আবকাৰী চোৰাংচোৱা আৰু অপৰাধ অনুসন্ধান শাখাৰ দলে অভিযান চলাই ৩২৩ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰে৷

বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা

অভিযোগ অনুসৰি, স্থানীয় আবকাৰী বিভাগৰ কৰ্মচাৰী আৰু আৰক্ষীৰ সহযোগতে এই ব্যৱসায় চলাই আহিছে৷ নলবাৰীৰ নয়ন নামৰ এজন যুৱক আৰু জিলাখনৰ নাচনগুৰীৰ ময়েজউদ্দিন ওৰফে গেডা নামৰ যুৱক দুজনে সীতাৰাম আগৰৱালাৰ ঘৰ ভাৰাত লৈ এই বেপাৰ কৰি আহিছিল৷ গুডামতে অৰুণাচলৰ পৰা সুৰা আনি ইয়াত লেবেল সলনি কৰি অসমত এই অবৈধ সুৰাৰ বেপাৰ কৰি অহাৰ অভিযোগ কৰে স্থানীয়ই ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা অহা অভিযানকাৰী দলটোৱে জব্দকৃত অৰুণাচলী সুৰা খিনি বঙাইগাঁওৰ আবকাৰী বিভাগত আনুষ্ঠানিকভাৱে গতাই দিয়ে । তাৰোপৰি গুদামটোত চিমেন্টৰো অবৈধ ব্যৱসায় হোৱাৰ অভিযোগ উত্থাপিত হৈছে । চিমেন্টৰ বেগ খুলি তাত মাটি মিহলি কৰি বিক্ৰী কৰাৰ অভিযোগ স্থানীয়ৰ । আনহাতে, আবকাৰী বিভাগৰ অভিযানত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে ।

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণকাণ্ডঃ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন দোষী অক্ষয় ঠাকুৰৰ

ABOUT THE AUTHOR

...view details