চিৰাং, 7 ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শেহতীয়াকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং জিলাত বন্যহস্তীয়ে তাণ্ডৱ চলাই কেবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে অন্যান্য সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন কৰে ৷
ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ - বনৰীয়া হাতীৰ আক্ৰমণ
ৰাজ্যৰ বিভিন্ন স্থানত অব্য়াহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শেহতীয়াকৈ চিৰাঙ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁৱত বন্যহস্তীৰ তাণ্ডৱত বিনিদ্ৰ ৰজনী কটাইছে গাঁৱবাসীয়ে ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে তাণ্ডৱ চলায় জিলাখনৰ 1নং অগ্ৰঙত ৷ গাঁৱখনৰ কেবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে অন্যান্য সামগ্ৰী তথা কৃষিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীৰ দলটোৱে ৷
উল্লেখ্য যে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ আক্ৰমণ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। একাংশ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন ধ্বংস আৰু বন বিভাগে আজিকোপতি বৈদ্যুতিক শ্বৰ্ট লাইনৰ আনধুনিকীকৰণ নকৰাৰ ফলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷