অসম

assam

By

Published : Jul 3, 2020, 1:35 AM IST

Updated : Jul 3, 2020, 6:50 AM IST

ETV Bharat / state

চিৰাঙৰ পাণবাৰীত বন্যহস্তীৰ তাণ্ডৱ

বুধবাৰে নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই চিৰাঙৰ পানবাৰীত ৷ দুটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ধ্বংস । ভুক্তভোগীক সহায়ৰ হাত সদৌ অসম ছাত্ৰ সন্থাৰ ৷

wild elephant destroy houses at Chirang
wild elephant destroy houses at Chirang

চিৰাং,3 জুলাই :বুধবাৰে নিশা চিৰাং জিলাৰ পাণবাৰী বনাঞ্চলৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত এজাক বনৰীয়া হাতীৰ তাণ্ডৱ লীলা ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওৰ 3 নং চাউৰাঙৰ নিবাসী নন্দেশ্বৰ ৰায় আৰু লৱকান্ত বড়োৰ বাসগৃহ বনৰীয়া হাতীয়ে ভাঙি চূৰমাৰ কৰাৰ লগতে ধান-চাউল খাই লণ্ড-ভণ্ড কৰে সকলো আচবাপ ৷

নিশা হোৱা দবাপিটা বৰষুণৰ মাজতেই বন্যহস্তীয়ে এই তাণ্ডৱ চলায় পৰিয়াল দুটাৰ ওপৰত । বনাঞ্চলত খাদ্যৰ নাটনি হোৱাৰ বাবেই খাদ্যৰ সন্ধানত নিতৌ ওলাই আহে হাতীৰ জাকটো । এই ঘটনাত বাসগৃহত থকা লোক সকল কোনোমতে দৌৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় ।

চিৰাঙৰ পাণবাৰীত বন্যহস্তীৰ তাণ্ডৱ লীলা

এনে কাৰ্যকলাপ সঘনাই ঘটি থকাৰ পিচতো বন বিভাগ তথা চৰকাৰৰ চৰম হেমাহিৰ অভিযোগ উত্থাপন হৈছে ৷ বিজেপি চৰকাৰে চকু মুদা কুলিৰ নিচিনা দিহিং পাটকাইত কয়লা খননৰ দ্বাৰা বনাঞ্চল ধ্বংস কৰি গঁঞা ৰাইজ আৰু হাতীক বিপদত পেলাব বিচৰা কাৰ্যক সদৌ চিৰাং জিলা ছাত্ৰ সন্থা আৰু পাণবাৰী আঞ্চলিক ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনেকুৱা বনাঞ্চল ধ্বংসকাৰী বিজেপি চৰকাৰক উৎখাত কৰাৰ বাবে ৰাইজক কঁকালত টঙালি বান্ধিবলৈ আহ্বান জনায় ।

চিৰাং জিলা আছুৰ সভাপতি ৰূপম কুমাৰ দাসে দুয়োটা ক্ষতিগ্ৰস্ত পৰিয়ালক কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত পূৰণ দিয়াৰ দাবী জনায় ।

বন্যহস্তীৰ আক্ৰমণত দুটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ধ্বংস

চিৰাং জিলাৰ সীমান্ত অঞ্চলত সঘনাই বন্যহস্তীয়ে এনেদৰে তাণ্ডৱ চলায়। কিন্ত বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । প্ৰায়েই সীমান্তৰ ঘৰ সমূহত বন্যহস্তীয়ে আক্ৰমণ চলাই আহিছে ৷ আনকি বহু লোকে প্ৰাণও হেৰুৱালগীয়া হৈছে ৷ কিন্তু চৰকাৰৰ বৰমুৰীয়া সকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

লগতে চাওক-অশ্লীল ভিডিঅ’ আপল'ড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক

Last Updated : Jul 3, 2020, 6:50 AM IST

ABOUT THE AUTHOR

...view details