চিৰাং, 18 আগষ্ট:সোমবাৰে নিশা চিৰাঙৰ বিজনীত বন্যহস্তী আৰু মানুহৰ মাজত সংঘৰ্ষ ৷ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন লোক । জানিব পৰা মতে, বিজনী 2 নং বিষ্ণুপুৰ বজাৰৰ ওচৰত নিশা 9 মান বজাত বনৰীয়া হাতী আৰু মানুহৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত আহত হয় লোকজন ।
বিষ্ণুপুৰ বজাৰৰ পৰা ঘৰলৈ ওভতাৰ সময়ত বনৰীয়া হাতীয়ে বাটত আক্ৰমণ কৰে লোকজনক । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হোৱা লোকজন চিকাঝোৰা গাঁওৰ হৰেৰামো বৰ্মন (55) বুলি চিনাক্ত কৰা হৈছে ৷