চিৰাং, 14 নৱেম্বৰ :চিৰাঙৰ কুকলুং দংশীয়াপাৰাত ভালুক ধৰিবলৈ বন বিভাগ আৰু গঞাৰ অভিযান । বিগত চাৰিদিনৰ পৰা বন বিভাগে ভালুক ধৰিবলৈ চেষ্টা চলায়ো বিফল হ'বলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ভালুকটোৱে দংশীয়াপাৰা গাঁৱৰ খেতিপথাৰত সোমাই চলাইছে উপদ্ৰৱ ৷
যাৰ বাবে বন বিভাগে বিগত চাৰিদিনৰ পৰাই ভালুক ধৰিবলৈ চেষ্টা চলাই আছে বন বিভাগৰ লগতে স্থানীয় লোকৰ । দীৰ্ঘদিনৰ পৰাই বন্যহস্তীৰ তাণ্ডৱ চলিছিল যদিও কিছুদিনৰ পৰা বন্যহস্তী তাণ্ডৱৰ বিপৰীতে দংশীয়াপাৰা গাঁৱত বৃদ্ধি পাইছে ভালুকৰ উপদ্ৰৱ ৷