চিৰাং, 9 জুলাইঃবিশ্বত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিয়ম অনুসৰি বিদ্যালয়-মহাবিদ্যালয়সমূহ যদিও বন্ধ হৈ আছে, তথাপিও ভিন্ন মাধ্যমেৰে অব্যাহত আছে পাঠদান ৷ তাৰ মাজতে চিৰাঙৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয় এডুলেণ্ডে তেওঁলোকে প্ৰতি বছৰে প্ৰকাশ কৰি অহা উইজডম নামৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে ৷ যিহেতু অনলাইন পাঠদানৰ বাবে প্ৰতিদিনে বিদ্যালয়খনত শিক্ষক সকল আহি আছে, সেইবাবে অতি কম সংখ্যক শিক্ষকৰ উপস্থিতত বৃহস্পতিবাৰে প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে চিৰাং জিলাৰ ঢালিগাঁৱৰ ছাতিপুৰস্থিত বিদ্যালয় খনৰ কৰ্তৃপক্ষই ৷
চিৰাঙৰ এডুলেণ্ড বিদ্যালয়ত ব্যতিক্ৰমী প্ৰাচীৰ পত্ৰিকা উন্মোচন
বৃহস্পতিবাৰে চিৰাঙৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয় এডুলেণ্ডে তেওঁলোকে প্ৰতি বছৰে প্ৰকাশ কৰি অহা উইজডম নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ৷ প্ৰাচীৰ পত্ৰিকা খনত সম্পূৰ্ণভাৱে আলোকপাত কৰা হৈছে কৰ'ণা মহামাৰীৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে ৷
তেওঁলোকৰ এইবেলিৰ প্ৰাচীৰ পত্ৰিকাখন সম্পূৰ্ণভাৱে আলোকপাত কৰা হৈছে কৰ'ণা মহামাৰীক কেন্দ্ৰ কৰি ৷ কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ এই মহামাৰীৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ, বিদ্যালয় কৰ্তৃপক্ষই এই প্ৰচেষ্টা অৱলম্বন কৰা বুলি উল্লেখ কৰে ৷ সম্পূৰ্ণ সামাজিক দূৰত্ব তথা কৰ'ণা সম্বন্ধে থকা স্বাস্থ্য বিধি অৱলম্বন কৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে এই প্ৰাচীৰ পত্ৰিকাখন প্ৰস্তুত কৰি উলিওৱা বুলি জানিবলৈ দিয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ছাহানুৰ ৰহমানে ৷ বৃহস্পতিবাৰে চিৰাঙৰ জেষ্ঠ সাংবাদিক কুঞ্জমোহন ৰায়ে প্ৰাচীৰ পত্ৰিকাখনৰ সপ্তম সংখ্যা উন্মোচন কৰে ৷
লগতে পঢ়কঃশ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ