চিৰাং, 11 ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ পাছতে বিটিচিত এতিয়া ভোট গণনাৰ প্ৰস্তুতি তুংগত ৷ দুই এটা সৰু বৰ নিৰ্বাচনী সংঘাটৰ মাজেৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ সফল সমাপ্তি ঘটিছিল বৃহস্পতিবাৰে ৷ তাৰ পাছতে শুকুৰবাৰৰ পৰা ১৪৪ ধাৰা বলবৎ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিৰাঙত চলিছে ভোট গণনাৰ প্ৰস্তুতি ৷ বিটিচিৰ চাৰিখনকৈ জিলাৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিত প্ৰতিদন্দিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব শনিবাৰে ৷
বিটিচিত ভোট গণনাৰ প্ৰস্তুতি তুংগত, চিৰাঙত বলবৎ ১৪৪ ধাৰা - ১৪৪ ধাৰা বলবৎ
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে কৰিছে চিৰাং জিলা প্ৰশাসনে ৷ শুকুৰবাৰৰ পৰা জিলাখনত ১৪৪ ধাৰা বলবৎ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ কৰিছে ভোট গণনাৰ প্ৰস্তুতি ৷
বিটিচিত ভোট গণনাৰ প্ৰস্তুতি তুংগত, চিৰাঙত বলবৎ ১৪৪ ধাৰা
উল্লেখ্য যে, পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাত কোন দলে কিমান আসন লাভ কৰিব তাক লৈ বিভিন্ন মহলে গুণা গঠা চলাইছে যদিও শনিবাৰেহে সঠিক ফলাফল লাভ কৰিব ৷ ভোট গণনাৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে জিলাখনত বলবৎ কৰিছে ১৪৪ ধাৰা ৷ ভোটগণনাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক:27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি