অসম

assam

ETV Bharat / state

হাগ্ৰামা-হিমন্তৰ বাকযুদ্ধ সম্পূৰ্ণ নাটকঃ ইউপিপিএল - ষ্টাৰ কেম্পইনাৰ

চিৰাঙত ইউপিপিএলৰ সংবাদমেল ৷ বিটিচি নিৰ্বাচনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেলৰ আয়োজন ৷ নিৰ্বাচন প্ৰসংগত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান দলটোৰ উপ-সভাপতিৰ ৷

uppl-organised-press-meet-at-chirang
হাগ্ৰামা-হিমন্তৰ বাকযুদ্ধ সম্পূৰ্ণ নাটকঃ ইউপিপিএল

By

Published : Dec 2, 2020, 4:27 PM IST

চিৰাং, 2 ডিচেম্বৰ : মঙলবাৰে চিৰাঙত ইউপিপিএল দলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ নেতৃত্বত এখন সংবাদমেল আয়োজন কৰা হয় ৷ বিটিচি নিৰ্বাচনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আয়োজন কৰা হয় সংবাদমেলখন ৷

ইউপিপিএল দলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ মন্তব্য

সংবাদমেলত উপ-সভাপতি গৰাকীয়ে অভিযোগ কৰি কয় যে, বিটিআৰ চুক্তিৰ 6.1 আৰু 7.2 দফাক লৈ বিৰোধী দলে ৰাজনীতি কৰিছে ৷ উপৰোক্ত দুয়োটা দফাই বিটিআৰৰ বাহিৰৰ জনজাতীয় লোকৰ বাবেহে প্ৰযোজ্য বুলি উল্লেখ কৰে ৷

ইউপিপিএল দলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ মন্তব্য

আনহাতে, নিৰ্বাচন প্ৰসংগত নেতা গৰাকীয়ে কয় য়ে, বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্য‍ায়ত 15 খন আৰু দ্বিতীয় পৰ্য‍ায়ত 16 খন আসন লাভ কৰিব বুলি জনায় নেতা গৰাকীয়ে । ইফালে, হাগ্ৰামা-হিমন্তৰ বাকযুদ্ধ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, হাগ্ৰামা-হিমন্তৰ বাকযুদ্ধ সম্পূৰ্ণ নাটক ৷ আনকি, বিটিচিত বিজেপিয়ে ষ্টাৰ কেম্পইনাৰৰ দ্বাৰা প্ৰচাৰ অভিযান চলালেও ইউপিপিএলৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি উল্লেখ কৰে ৷

একেদৰে, পৃথ্বিৰাজ নাৰায়ণ সন্দৰ্ভতো বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই উপ-সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক :উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details