চিৰাং, 8ডিচেম্বৰঃআৰ এছ এছ আৰু বিজেপিৰ দ্বাৰা পৰিচালিত হয় ইউপিপিএল দল ৷এই বিস্ফোৰক অভিযোগ কৰি সোমবাৰে ইউপিপিএল দল ত্যাগ কৰিলে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহম্মদ আব্দুল ৰচিদে ৷ চিৰাঙৰ বিজনীৰ পানবাৰীত এক সংবাদমেল আয়োজন কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে ইউপিপিএল দলৰ নীতি আদৰ্শ পচন্দ নোহোৱা বাবেই দলত্যাগ কৰা বুলি জানিবলৈ দিয়ে ৷
BPFক সমৰ্থন জনাবলৈ আহ্বান জনাই দলত্যাগ UPPL কৰ্মীৰ - বিটিআৰ চুক্তি
আৰ এছ এছ আৰু বিজেপিৰ দ্বাৰা পৰিচালিত হয় ইউপিপিএল দল ৷এই বিস্ফোৰক অভিযোগ কৰি সোমবাৰে ইউ পি পি এল দল ত্যাগ কৰিলে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহম্মদ আব্দুল ৰচিদে ৷ তদুপৰি কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ লোকে একপক্ষীয় ভাৱে বিটিআৰ চুক্তি কৰা বাবেই অবড়ো লোকৰ বাবে বিটিআৰ চুক্তি একপ্ৰকাৰ ভয়ানক চুক্তি হৈছে বুলি সংবাদমেলত মন্তব্য কৰে মহম্মদ আব্দুল ৰচিদে ।
ইপিনে, বিটিআৰ চুক্তিৰ দফাসমূহ কেৱল বড়ো জাতিৰ বাবেহে বুলি উল্লেখ কৰি মহম্মদ আব্দুল ৰচিদে কয় যে, দলটোৰ নীতি অনুসৰি আৰু বিটিআৰ চুক্তি অনুসৰি সংখ্যালঘু লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা জানিব পাৰি জাতীয় স্বাৰ্থত তেওঁ দলত্যাগ কৰিছে ৷ তদুপৰি কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ লোকে একপক্ষীয়ভাৱে বিটিআৰ চুক্তি কৰা বাবেই অবড়ো লোকৰ বাবে বিটিআৰ চুক্তি একপ্ৰকাৰ ভয়ানক চুক্তি হৈছে বুলি সংবাদমেলত মন্তব্য কৰে মহম্মদ আব্দুল ৰচিদে । তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গৰাকীয়ে বড়োভূমিৰ সকলো ৰাইজক বিপিএফ দলৰ সৈতে থকাৰ আহ্বান জনায় নেতাগৰাকীয়ে ।
লগতে পঢ়কঃবুম-লাৰ সীমান্তত চীনে স্থাপন কৰা গাঁও সন্দৰ্ভত নিনং এৰিঙৰ প্ৰতিক্ৰিয়া