অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচন : চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ - ইউপিপিএল কৰ্মী

চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত হোৱা বিপিএফ দলৰ যোগদান সভাত 30 গৰাকী ইউপিপিএল কৰ্মীয়ে বিপিএফত যোগদান কৰে ৷ পূৰ্বৰ নীতি-আদৰ্শেৰে বিপিএফে পৰিষদীয় নিৰ্বাচনত আগবাঢ়িব ৷ সভাত এই মন্তব্য বিপিএফ নেতৃত্বৰ ৷

UPPL member join in BPF in Chirang
চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ

By

Published : Oct 22, 2020, 2:13 PM IST

চিৰাং,22 অক্টোবৰ : বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীত বিপিএফ দলৰ যোগদান সভা। 17নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ ব্লক কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান সভাত ইউপিপিএলৰ 30 গৰাকী কৰ্মীয়ে বিপিএফত যোগদান কৰে ৷

চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ

উক্ত যোগদান সভাত মুখ্য অতিথি হিচাপে বিজনীৰ 17 নং সুপাইঝাৰ সমষ্টিৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰভাত বসুমাতাৰীৰ লগতে উপস্থিত থাকে বিজনী পৌৰসভাৰ প্ৰক্তন সভাপতি ৰমাকান্ত বসুমতাৰী,বিজনী পৌৰসভাৰ প্ৰক্তন উপসভাপতি প্ৰসন্ন মুখাৰ্জী আৰু বিজনী বিপিএফ দলৰ কৰ্মকৰ্তাসকল ।

চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ

সভাত চতুৰ্থবাৰৰ বাবে বিপিএফ দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিজনীৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰভাত বসুমাতাৰীয়ে । আনহাতে ইউপিপিএল দলে পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিআৰ চুক্তি ৰূপায়নৰ সপোন দেখুৱাই বিটিচি দখলৰ ঢৌ তোলাৰ দাবীৰে পৰিষদীয় নিৰ্বাচনত আগুৱাই যোৱাৰ বিপৰীতে পূৰ্বৰ নীতি-আদৰ্শেৰে বিপিএফ দলে আগবঢ়াৰ কথা উল্লেখ কৰে বিপিএফ নেতৃত্বই।

চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ

লগতে পঢ়ক :নাৰায়ণপুৰৰ ঐতিহাসিক পেটুৱা গোসাঁনী থানত নহয় দেৱী পূজা

ABOUT THE AUTHOR

...view details