চিৰাং,4 ফেব্ৰুৱাৰী:চিৰাং জিলাৰ 13নং চিৰাং ব্লক কমিটিৰ উদ্যোগত বৃহস্পতিবাৰে মোজাবাৰীত অনুষ্ঠিত হয় এক সদস্যভৰ্তি সভা ৷ উক্ত সভাত ইউপিপিএল-ৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অঞ্চলটোৰ প্ৰায় 250 গৰাকী পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে । অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইউনুছ আলী খানৰ পৌৰহিত্যত অনুষ্ঠিত যোগদান সমাৰোহত অংশ লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে, বিটিআৰত বহু সমস্যা আছে । ৰাইজৰ এই সমস্যা সমাধান কৰিবলৈ ইউপিপিএল দল আগবাঢ়ি আহিছে ৷ বড়োৱে মোজাবাৰী অঞ্চলৰ শৈক্ষিক সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তদুপৰি মোজাবাৰীত নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়খন অচিৰেই মুকলি কৰা হ’ব বুলি ৰাইজৰ আগত ব্যক্ত কৰে । ইয়াৰোপৰি বিটিআৰৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷
একেদৰে বিটিচি গঠনৰ পূৰ্বে ইউপিপিএল দলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এমাহৰ ভিতৰত বিটিআৰৰ 5,000 লোকৰ মাজত ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি মত ব্যক্ত কৰে । পৰৱৰ্তী পৰ্যায়ত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰাই 11,000 লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে বড়োৱে ৷