অসম

assam

By

Published : Apr 20, 2019, 9:02 PM IST

ETV Bharat / state

মোৰ ধনবল নাই, জনবল আছেঃ উৰ্খাও গৌৰা ব্ৰহ্ম

"পৰিৱৰ্তন বিচাৰি এইদৰে লোকসকল ওলাই আহিছে ৷ এই নিৰ্বাচন ধনবল আৰু জনবলৰ ৷ মোৰ ধনবল নাই, কিন্তু জনবল আছে ৷ মুঠতে কোকৰাঝাৰৰ পৰা নিশ্চিহ্ন হ’ব বিপিএফ ৷"

চিৰাঙত বিশাল জন সভা

চিৰাং, 20 এপ্ৰিলঃ হাগ্ৰামা মহিলাৰী আৰু সাংসদ নৱ শৰণীয়াক ধৰ্মীয় অনুভূতিত আঘাত দি ৰাজনীতি নকৰিবলৈ সকিয়নি অসম জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীৰ ৷ শনিবাৰে চিৰাঙৰ বিজনীত এআইইউডিএফ আৰু ইউপিপিএলৰ নিৰ্বাচনী জন সভাত অংশ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে কাছিমীয়ে ৷

চিৰাঙত বিশাল জন সভা

মিত্ৰ দলটোৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত আয়োজিত জন সভাত উপস্থিত থাকে হাজাৰ হাজাৰ জনগোষ্ঠীয় লোক ৷ বিজনী বিদ্যাপীঠ পথাৰত অনুষ্ঠিত জন সভাত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, "পৰিৱৰ্তন বিচাৰি এইদৰে লোকসকল ওলাই আহিছে ৷ এই নিৰ্বাচন ধনবল আৰু জনবলৰ ৷ মোৰ ধনবল নাই, কিন্তু জনবল আছে ৷ মুঠতে কোকৰাঝাৰৰ পৰা নিশ্চিহ্ন হ’ব বিপিএফ ৷"

চিৰাঙত বিশাল জন সভা

আনহাতে, সভাত উপস্থিত থকা এবছু সভাপতি প্ৰমোদ বড়োৱে কয়, "বিপিএফৰ অপ শাসন, দুৰ্নীতি আদিৰ পৰা পৰিৱৰ্তন বিচাৰি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা, ভাল শাসন প্ৰতিষ্ঠা কৰা, এজন ভাল নেতা নিৰ্বাচিত কৰাৰ বাবেই স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে সাধৰণ ৰাইজ ৷

চিৰাঙত বিশাল জন সভা

ABOUT THE AUTHOR

...view details