অসম

assam

ETV Bharat / state

ইউ পি পি এলত যোগদান ডেৰশৰো অধিক লোক - btc

বিগত লোকসভা নিৰ্বাচনত বিটিচিৰ মুঠ ৪০টা সমষ্টিৰ মাত্ৰ ৫ টাত জয়ী হৈছিল বিপিএফ দল,আৰু ইউপিপিএল দলে ১৫ টাত জয়ী হোৱাৰ বিপৰীতে অবড়ো সংগঠনে বহুকেইখন আসন লাভ কৰিছিল

ইউপিপিএলত যোগদান ডেৰশৰোধিক লোক

By

Published : Sep 23, 2019, 7:02 AM IST

চিৰাং,22 চেপ্তেম্বৰঃ চিৰাঙত ডেৰশৰো অধিক লোকে যোগদান কৰে ইউ পি পি এল দলত ৷ দেওবাৰে বিভিন্ন দল-সংগঠনৰ যুৱকে ইউপিপিএল দলত যোগদান কৰে বুলি মন্তব্য কৰে ইউপিপিএলৰ উপ সভাপতি তথা বিটিচিৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ সদস্য ৰণগৌৰা নাৰ্জাৰীয়ে ৷

ইউপিপিএলত যোগদান ডেৰশৰোধিক লোক

বিগত 15 বছৰৰ বিটিচিৰ শাসনকালৰ মোহভংগ হৈ যুৱচাম ইউপিপিএল দলত যোগদান কৰে বুলি মন্তব্য ৰণগৌৰা নাৰ্জাৰীৰ ৷ আনহাতে,হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলৰ দল বিপিএফৰ লগত চামিল হ'ব লাগে বুলি কৰা মন্তব্যত ৰণগৌৰা নাৰ্জাৰীয়ে কয়,বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীকৰণ নহয় ৷ বিগত লোকসভা নিৰ্বাচনত বিটিচিৰ মুঠ ৪০ টা সমষ্টিৰ মাত্ৰ ৫ টাত জয়ী হৈছিল বিপিএফ দল,আৰু ইউপিপিএল দলে ১৫ টাত জয়ী হোৱাৰ বিপৰিতে অবড়ো সংগঠনে বহুকেইখন আসন লাভ কৰিছিল ।


উল্লেখ্য যে, ইউপিপিএল দলৰ এই যোগদান অনুষ্ঠানত উপস্থিত থাকে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক তথা বিটিচিৰ 13 চিৰাং সমষ্টিৰ পৰিষদীয় সদস্য মাউতি ব্ৰহ্ম হাজোৱাৰী,চিৰাং জিলাৰ সভাপতি তথা নিচিমা সমষ্টিৰ এম চি এল এ নিৰ্মল বসুমতাৰী,মহিলা কোষৰ সম্পাদিকা অহিলা লাহাৰী,অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সভাপতি নাৰায়ণ মজুমদাৰ,জিলা সংখ্যালঘু কোষৰ সভাপতি জহৰুদ্দিন মণ্ডলকে আদি কৰি কেইবাজনো কেন্দ্ৰীয় নেতৃবৃন্দ ৷

ABOUT THE AUTHOR

...view details