চিৰাং, 06 এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত ইউনাইটেড পিপুলছ পাৰ্টী (লিবাৰেল) চমুকৈ ইউ পি পি এল দলে জিলাখনত ব্যাপকভাৱে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ৷ এবছু আৰু প্ৰগতিশীল এন ডি এফ বিৰ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই শনিবাৰে চিৰাং জিলাত চাৰিখন ঠাইত চাৰিখন নিৰ্বাচনী সভাত অংশলৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ জিলাখনৰ ঐতিহ্যমণ্ডিত ৰঞ্চাইধামত শনিবাৰে আবেলি অনুষ্ঠিত দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত দলটোৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, সমষ্টিটোত এইবাৰ ৰাইজে তেওঁক আকোঁৱালি লৈছে ৷ 12 জনকৈ প্ৰাৰ্থীয়ে সমষ্টিটোত মনোনয়ন পত্ৰ প্ৰদান কৰিছে যদিও মুঠ চাৰিজন প্ৰাৰ্থীৰ মাজতে চলিব প্ৰতিদ্বন্দ্বিতা ৷
উৰ্খাও গৌৰা ব্ৰহ্মই মন্তব্য কৰে যে, ৰাইজে ইউ পি পি এল দলক সঁহাৰি জনাইছে ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক এইবাৰ ৰাইজে প্ৰত্যাখান কৰিব ৷ বিগত পাঁচ বছৰত শৰণীয়াই উন্নয়নৰ বাবে লাভ কৰা পঁচিশ কোটি টকা ক'ত প্ৰয়োগ কৰিছে তাক ৰাজহুৱা কৰিবলৈ আহ্বান জনায় ৷ একেদৰে পোন্ধৰ বছৰ বিটিচিত শাসন কৰা বিপিএফে চৰম দুৰ্নীতি কৰাৰ বাবে বৰ্তমান জনসাধাৰণে এই দলকো এইবাৰ প্ৰত্যাখ্যান কৰিব বুলি মত ব্যক্ত কৰে ৷