চিৰাং, 22 ফেব্ৰুৱাৰীঃ 21 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইউপিপিএল দলৰ কেন্দ্ৰীয় চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে শনিবাৰে । সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত ৰণনীতি গ্ৰহন অধিৱেশনত । এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি হিচাবে যোগদান কৰাৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতা যোগদানৰ লগতে হেজাৰোধিক লোকে যোগদান কৰে ইউপিপিএল দলত ।
শনিবাৰে অন্তিম দিনৰ কাৰ্যসূচীৰ আৰম্ভনি হয় দলীয় পতকা উত্তোলন,বাৰেৰহনীয়া সোভাযাত্ৰা আৰু বিয়লি অনুষ্টিত হয় মুকলি সভা । দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউগৌৰা ব্ৰহ্মই সভাপতিত্ব কৰা অনুষ্টানত কেইবা গাৰকী নেতাই ভাষন দিয়ে । সভাত বিটিআৰ চুক্তি সন্দৰ্ভত বিতং আলোচনাৰ লগতে ইয়াৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে বক্তা সকলে । বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ দুৰ্ণীতি,ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ অৱসান ঘটাই পৰিৱৰ্তনৰ দ্বাৰা এক সুস্থ চৰকাৰ গঠনৰ পোষকতা কৰে । সভাত ইউপিপিএল দলৰ সভাপতি উৰ্খাউগৌৰা ব্ৰহ্মই কয় যে, এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো যোৱা কালি ইউ পি পি এল দলত যোগদানৰ পিচত তেওঁক কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতিৰ পদত নিযুক্তি দিয়া হৈছে । আজি আমি ৰাজহুৱা সম্বৰ্ধনা জনালো । তেওঁ সমাজৰ এজন বিশিষ্ট ব্যাক্তি,এবছুৰ সভাপতি হৈ বড়ো চুক্তিৰ স্বাক্ষৰকাৰী । ইউপিপিএল পূৰ্বৰ পৰাই শক্তিশালী হৈ আহি আছিল । বিটিআৰ চুক্তিৰ পিচত এটা পৰিৱৰ্তনৰ ধাৰা আহিল । এতিয়া ইউ পি পি এল এটা বিকল্প ৰাজনৈতিক দল । অইন কোনো দলেই বিটিআৰত বিকল্প ৰাজনৈতিক দল হবই নোৱাৰে । বিপিএফে যি ১৫ বছৰ শাসন কৰিলে আৰু এই সময়ত ৰাইজে যি অভিজ্ঞতা পাইছে তাৰ পৰা বিকল্প ৰাজনৈতিক দল হিচাবে ৰাইজে আকোৱালি লৈছে । সেয়ে অনাগত দিনত শক্তি শালি ৰূপত বিটিআৰৰ শাসন দখল কৰিব ইউপিপিএল দলে সেয়া নিশ্চিত বুলি কয় সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই । আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ বাবে আমি কমিটী বনোৱাৰ সিদ্ধান্ত লৈছো অহা ২৫ তাৰিখে আমি মুছলপুৰত এই কমিটি বনাম আৰু প্ৰাৰ্থী বাচনি কৰিম ।
আনহাতে, সভাত সদ্য প্ৰাক্তন এবছুৰ সভাপতি তথা ইউপিপিএলৰ কাৰ্য্যকৰী সভাপতি প্ৰমোদ বড়োয়ে কয় যে, এতিয়া আৰু ৰৈ থকাৰ সময় নাই কাম কৰিব লাগে । দীৰ্ঘদিন সংগ্ৰামত থাকিলো আৰু উপলদ্ধি কৰিলো যে সংগ্ৰাম কৰি আমি কিছু কাম কৰিব পাৰো আৰু সেই মতেই আমি কৰি আহিছিলো । আজি যি দেখিলো চৰকাৰ ঠিক নহলে চৰকাৰৰ আঁচনিসমূহ ঠিক নহলে সমাজখন আগুৱাই যোৱাটো কেতিয়াও নিশ্চিত নহয় । সেই কাৰনে বিটিআৰত যোৱা ১৭ বছৰ যি দলে শাসন কৰিলে ইয়াত কোনো নতুনত্ব আনিব নোৱাৰিলে,কোনো প্ৰকল্প নাই,নতুন কোনো আঁচনি নাই,এই অঞ্চলৰ ৰাইজৰ বাবে কোনো চিন্তাধাৰা নাই । কোনো জাতী জনগোষ্টীৰ কথাও ভৱা নাই,মাথো এজন দুজন ব্যাক্তিক লৈহে ৰাজনীতি কৰি আছে ।