চিৰাং,16 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দহটা দিন বাকী থকাৰ সময়তে মঙলবাৰে ইউপিপিএলে ঘোষণা কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 8 জনীয়া প্ৰাৰ্থী তালিকা ৷ তালিকাত চিৰাং জিলাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ফণীন বড়োৰ নাম প্ৰকাশ পোৱাৰ পাছতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে নেতা গৰাকীৰ সমৰ্থকে ৷ অসংখ্য সমৰ্থক তথা দলীয় কৰ্মীয়ে সমষ্টিটোলৈ উষ্ম আদৰণি জনাই নেতাগৰাকীক ৷
ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক উষ্ম আদৰণি - UPPL candidate Phani Bodo welcomed at Bijni
মঙলবাৰে ইউপিপিএলে ঘোষণা কৰিলে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 8 জনীয়া প্ৰাৰ্থী তালিকা ৷ 33 নং বিজনী বিধানসভা সমষ্টিৰ বাবে দলটোৰ প্ৰাৰ্থী ফণীন বড়োৰ নাম প্ৰকাশ ৷
সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থী ফণীন বড়োৱে মত প্ৰকাশ কৰি কয় যে, এইবাৰ বিজনী সমষ্টিত ইউপিপিএলৰ পৰা ফণীন বড়ো বিধায়ক হ’লে বিজনী সমষ্টিৰ ৰাইজক সেৱা কৰি যাব ৷ ইপিনে বিজনী সমষ্টিত মিত্ৰজোঁটৰ বিজেপি দলেও প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ ৷ সমষ্টিটোত বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক প্ৰক্ষেপ কৰাত নিৰ্বাচনী যুঁজখন যে আকৰ্ষণীয় হ'ব সেয়া প্ৰায় নিশ্চিত ৷
লগতে পঢ়কঃকোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক সম্বৰ্ধনা