অসম

assam

চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে

By

Published : Mar 19, 2021, 10:10 AM IST

হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নেতা গৰাকীয়ে প্ৰায় দুহাজাৰৰো অধিক লোকৰ উপস্থিতিত মনোনয়ন দাখিল কৰি কয়, এই সকল ৰাইজে উন্নয়নৰ আশাত ওলাই আহিছে ৷ কাৰণ বিগত সময়চোৱাত চিদলীবাসীয়ে কোনো উন্নয়ণ নেদেখিলে ৷

চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে
চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে

চিৰাং,19 মাৰ্চ: বৃহস্পতিবাৰে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে ৷ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নেতা গৰাকীয়ে প্ৰায় দুহাজাৰৰো অধিক লোকৰ উপস্থিতিত মনোনয়ন দাখিল কৰি কয়, এই সকল ৰাইজে উন্নয়নৰ আশাত ওলাই আহিছে ৷ কাৰণ বিগত সময়চোৱাত চিদলীবাসীয়ে কোনো উন্নয়ণ নেদেখিলে ৷ বৰং দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰহে বেছিকৈ চলিছে সমষ্টিটোত ৷

চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে

গতিকে নিৰ্বাচনত প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত চন্দন ব্ৰহ্মৰ বিৰুদ্ধে জয়ী হ'ব ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকী ৷ ইফালে,মনোনয়ন দাখিলত সংগ দিয়া ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে কয়, আমি ইউপিপিএল দলে ১১ টা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছো । ইয়াৰে ৮ জন জয়ী হোৱাটো নিশ্চিত। বিজেপি মিত্ৰজোঁটেই অসমত পুনৰ চৰকাৰ গঠন কৰিব ।

চিদলী সমষ্টিত মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে

উল্লেখ্য যে, মনোনয়ন দাখিলৰ সময়ত বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা),পাৰিষদ মাধৱ ছেত্ৰীসহ কেইবাজনো নেতা আৰু প্ৰায় দুহেজাৰ সমৰ্থকে সংগ দিয়ে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ।

লগতে পঢ়ক:ভৱানীপুৰত কমল কুমাৰ মেধীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details