অসম

assam

ETV Bharat / state

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ চিৰাঙৰ বিজনীৰ উলুৱাৰীত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰচাৰ সভাত অংশলৈ গৃহমন্ত্ৰী গৰাকীয়ে কয়, বিগত নিৰ্বাচনত আমি যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পুৰণ কৰিলো ৷ অসমবাসীক দিয়া কথা আমি ৰাখিছো ৷ বিটিআৰ চুক্তিৰ জড়িয়তে সকলো উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ লগতে উগ্ৰপন্থী সংগঠনক শান্তি আলোচনালৈ আনি তেওঁলোকক কৰ্ম সংস্থাপন দিয়াৰো ব্যৱস্থা কৰিছো ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

By

Published : Mar 31, 2021, 6:36 PM IST

Updated : Mar 31, 2021, 6:55 PM IST

চিৰাং, 31 মাৰ্চ: বুধবাৰে চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ চিৰাঙৰ বিজনীৰ উলুবাৰীত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ প্ৰচাৰ সভাত অংশলৈ গৃহমন্ত্ৰী গৰাকীয়ে কয়, বিগত নিৰ্বাচনত আমি যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পুৰণ কৰিলো ৷ অসমবাসীক দিয়া কথা আমি ৰাখিছো ৷ বিটিআৰ চুক্তিৰ জৰিয়তে সকলো উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ লগতে উগ্ৰপন্থী সংগঠনক শান্তি আলোচনালৈ আনি তেওঁলোকক কৰ্ম সংস্থাপন দিয়াৰো ব্যৱস্থা কৰিছো ৷ আন্দোলন মুক্ত অসম গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিলো বাবেই সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত আমি সম্ভৱ কৰি তুলিলো ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনাৰ লক্ষ্য কৰি লৈ গৃহমন্ত্ৰী গৰাকীয়ে কয়, বিগত সময়ত কংগ্ৰেছৰ শাসনত উগ্ৰপন্থী সংগঠনে অসমৰ লোকক হত্যা কৰিছিল ৷ জাতি-জনগোষ্ঠী সমূহৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিছিল । বিদেশী খেদা আন্দোলনত কংগ্ৰেছে অসমীয়া লোকক হত্যা কৰিছিল । কিন্তু এতিয়া বিদেশীৰ ৰক্ষক আজমলৰ বোকোচাত উঠি কংগ্ৰেছে অসমত চৰকাৰ গঠনৰ চেষ্টা কৰিছে ৷ কালাপাহাৰ আজমলৰ কান্ধত উঠি অহা কংগ্ৰেছে কিদৰে অসম বিদেশী মুক্ত কৰিব ? নিৰ্বাচনী প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে অসমৰ পৰিচয় আজমল বুলি কৈছে কিন্তু আমি জনাত অসমৰ পৰিচয় শংকৰদেৱ,মাধৱদেৱ আৰু ভূপেন হাজৰিকাহে ৷ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোতে ‘হু ইচ বদৰুদ্দিন?’ কোৱা কংগ্ৰেছে আজি বদৰুদ্দিন আজমল অসমৰ পৰিচয় বুলি কৈছে ।

চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

একেখন সভাতে অমিত শ্বাহে উন্নয়নৰ খতিয়ান দাঙি ধৰি কয়, বিজনী সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে 7 হাজাৰ লোকে ঘৰ লাভ কৰাৰ লগতে সমগ্ৰ অসমতে 1 লাখ 26 হেজাৰ দৰিদ্ৰ লোকে ঘৰ লাভ কৰিছে ৷ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমক বিদেশী মুক্ত কৰাৰ লগতে সত্ৰ সমুহ বেদখল মুক্ত কৰিলে ৷ ভূমিহীন লোকক ভূমি পাট্টা প্ৰদান কৰাৰ লগতে কাজিৰঙাক উদ্ধাৰ কৰিলে ৷

লগতে পঢ়ক:মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়

Last Updated : Mar 31, 2021, 6:55 PM IST

ABOUT THE AUTHOR

...view details