অসম

assam

ETV Bharat / state

চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ সহ দুজন ড্ৰাগছ ব্যৱসায়ী । বিজনী মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক ।

By

Published : Jan 30, 2020, 11:26 PM IST

two people arrest with drugs at Chirang Bijni
চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

চিৰাং, 30 জানুৱাৰী : বৃহস্পতিবাৰে চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত আটক দুজন ড্ৰাগছ ব্যৱসায়ী । বিজনীৰ মৌতাৰাত আৰক্ষীয়ে ডাৰ্গছ সহ হাতে-লোটে আটক কৰে দুই ব্যৱসায়ীক । ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে বিজনী কাউয়াটিকাৰ ৰাকেশ ৰায় (২১) আৰু আৰছাদুল হক (২৮) । উল্লেখ্য যে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত বুধবাৰৰ পৰা চলাইছিল অভিযান ৷ যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ , ২টা মোবাইল ফোন, নগদ ধন ৩৯৬০ টকা , এএচ১৫এফ ১১৫৫ নম্বৰৰ এখন পালছাৰ ১৮০ চিচি মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় । জিলাখনৰ বিজনীৰ কাৱাটিকাৰ পৰা ইয়াৰ পুৰ্বেও আৰক্ষীয়ে বহু কেইজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছিল । আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ মাজতেই অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় । আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই বহুকেইজন ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও মূল ব্যৱসায়ী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ফলত এতিয়াও অব্যাহত আছে এই ব্যৱসায় ।

চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details