চিৰাঙত চোৰাং কাঠসহ জব্দ অবৈধ কাঠফলা কল - illegal-sawmill-seized
চিৰাঙত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ দুটাকৈ অবৈধ কাঠফলা কল জব্দ ৷

চিৰাঙত চোৰাং কাঠ সহ জব্দ অবৈধ কাঠফলা কল
চিৰাং, 9 ছেপ্তেম্বৰঃ সোমবাৰে পুৱা চিৰাঙত বন বিভাগৰ পৃথক পৃথক অভিযানত বৃহৎ সংখ্যক চোৰাং কাঠসহ দুটাকৈ অবৈধ চোৰাং কাঠফলা কল জব্দ কৰা হৈছে । জিলাখনৰ বিজনীৰ মাজৰাবাৰীত কুকলুং বনাঞ্চলৰ বন কৰ্মী আৰু বন সুৰক্ষা কৰ্মীসকলে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ সহ দুটা অবৈধ চোৰাং কাঠফলা কল জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা চিৰাঙত আৰক্ষী আৰু বন বিভাগে পৃথকে পৃথকে অভিযান চলাই বৃহৎপৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷
চিৰাঙত চোৰাং কাঠসহ জব্দ অবৈধ কাঠফলা কল