অসম

assam

By

Published : May 15, 2023, 5:18 PM IST

ETV Bharat / state

Kjalgaon JSB Civil Hospital: জেএচবি অসামৰিক চিকিৎসালয়ৰ সুৰাপায়ী দুই চিকিৎসক আৰু নাৰ্ছক নিলম্বন

নিশা কৰ্তব্যৰত অৱস্থাত চিকিৎসালয়তে সুৰাপান কৰা চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ দুই চিকিৎসক আৰু নাৰ্ছক নিলম্বন ৷ নিশা কৰ্তব্যৰত অৱস্থাত চিকিৎসালয়তে মদৰ আড্ডা বহাইছিল নিলম্বিত দুই চিকিৎসক আৰু এগৰাকী নাৰ্ছে (Two doctors and nurse suspended) ৷

Two doctors and nurse suspended
চিকিৎসালয়তে সুৰাপান দুই চিকিৎসক আৰু নাৰ্ছৰ

জেএচবি অসামৰিক চিকিৎসালয়ৰ দুই চিকিৎসক আৰু নাৰ্ছক নিলম্বন

চিৰাং, 15 মে’ : নিশা কৰ্তব্যৰত অৱস্থাত চিকিৎসালয়তে সুৰাপান কৰা চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ দুই চিকিৎসক আৰু নাৰ্ছক নিলম্বন ৷ কৰ্তব্যৰত অৱস্থাত চিকিৎসালয়তে মদৰ আড্ডাত বহিছিল নিলম্বিত দুই চিকিৎসক আৰু এগৰাকী নাৰ্ছে (Two doctors and nurse suspended) ৷

১৩ মে'ৰ নিশা কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছে চিকিৎসালয়তে সুৰাপানৰ দৃশ্য বন্দী হৈছিল কেমেৰাত ৷ চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা সুৰাপান কৰা চিকিৎসক দ্বীপেন কলিতা, খ্ৰীষ্টান ব্লেচিং আৰু নাৰ্চ নিধি পালক নিলম্বন কৰে চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহেনা বেগমে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বিষয়াগৰাকীয়ে (Kajalgaon JSB Civil Hospital)।

চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক-নাৰ্ছে মদ্যপান কৰা ঘটনাৰ বাতৰি বিয়পি পৰাৰ পিচতে আজি চিকিৎসালয়ত বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, জিলা প্ৰশাসনৰ বৰমূৰীয়াসকলে ভীৰ কৰা পৰিলক্ষিত হয় । সোমবাৰে চিকিৎসালয়খনত উপস্থিত হয় চিদলী সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৷ চিৰাঙৰ কাজলগাঁৱস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত শনিবাৰ নিশা কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চৰ মদৰ পাৰ্টি কৰি থকা অৱস্থাত ৰোগীৰ আত্মীয়ই হাতেলোটে ধৰা পেলোৱাৰ বাতৰি দেওবাৰে সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিচত পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে চিকিৎসালয় চৌহদত আহি উপস্থিত হয় চিদলী সমষ্টিৰ বিধায়ক তথা জেএচবি অসামৰিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী লগতে জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল (Irregularities in Kjalgaon JSB Civil Hospital)।

এই লজ্জাজনক ঘটনাক লৈ ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে চিকিৎসালয়খনত । দেওবাৰৰ দিনটোত মদ্যপানৰ ঘটনাৰ সৈতে এগৰাকী চিকিৎসক আৰু নাৰ্চৰ নাম পোহৰলৈ আহিছিল যদিও আজিৰ দিনটোত আন এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকৰ নাম সাঙুৰ খাইছে ঘটনাত । দেওবাৰে কৰ্তব্যৰত অবস্থাত মদৰ পাৰ্টিত ডাঃ খ্ৰীষ্টান ব্লেচিং , নাৰ্ছ নিধী ৰাণী পালৰ উপৰিও স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেন কলিতাও উপস্থিত আছিল বুলি জানিব পৰা গৈছে (Joyanta Basumatary MLA Sidli Constituency) । চিকিৎসালয় খনত এনেধৰনৰ অসামাজিক কাৰ্যকলাপ ইয়াৰ পূৰ্বেও সংঘটিত হৈ আছিল বুলি সন্দেহ প্ৰকাশ কৰে ৰঞ্জিত বসুমতাৰীয়ে । বড়োলেণ্ড আন্দোলনৰ স্মৃতি বিজড়িত এই জেএচবি অসামৰিক চিকিৎসালয়ত এনেধৰনৰ জঘন্য ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এইক্ষেত্ৰত কাকো ৰেহাই দিয়া নহ’ব বুলি সদৰী কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে (BTC EM Ranjit Basumatary) ।

লগতে পঢ়ক:Kajalgaon JSB Civil Hospital: চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা চলে সুৰাৰ পাৰ্টী !

ABOUT THE AUTHOR

...view details