অসম

assam

ETV Bharat / state

চিৰাঙত কাঠভৰ্তি গাড়ীসহ দুজনক গ্ৰেপ্তাৰ, বনকৰ্মীক আক্ৰমণ সৰবৰাহকাৰীৰ - চোৰাং কাঠ সৰবৰাহ

Illegal Timber Smuggling in Chirang : চিৰাঙত অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুজন লোকক গ্ৰেপ্তাৰ ৷ লগতে জব্দ পাঁচখন গাড়ী ৷ তাৰে এখন আছিল কাঠভৰ্তি ৷ আনহাতে কাঠৰ চোৰাং বেপাৰীয়ে আক্ৰমণ কৰে বন বিভাগৰ লোকক ৷

Illegal Timber Smuggler in Chirang
চিৰাঙত কাঠভৰ্তি গাড়ীসহ দুজনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:42 PM IST

চিৰাঙত কাঠভৰ্তি গাড়ীসহ দুজনক গ্ৰেপ্তাৰ

চিৰাং, 19 ডিচেম্বৰ :চিৰাঙত অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় ৷ জিলাখনত যোৱানিশা চোৰাংভাৱে সৰবৰাহ কৰা কাঠসহ পাঁচখন বাহন জব্দ কৰে বন বিভাগে ৷ সমান্তৰালকৈ উক্ত চোৰাং কাৰবাৰৰ সৈতে জড়িত দুজন লোককো গ্ৰেপ্তাৰ কৰে বন বিভাগে ।

আনহাতে বন বিভাগৰ কৰ্মীক চোৰাংকৈ কাঠ কঢ়িওৱা বাহনত যোৱা লোকক আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হয় ৷ চোৰাংকৈ কাঠ কঢ়িওৱা গাড়ীৰ পিছে পিছে বন বিভাগৰ লোকে খেদি খেদি পাঁচখন বাহন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে । বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ লোক দুজনৰ নাম হৈছে পূব ডুমগাঁৱৰ ফিলিমন ইচলাৰী আৰ ৰুণিখাটা ৰাণীপুৰৰ ফাৱেল নাৰ্জাৰী ।

উল্লেখ্য যে জব্দকৃত পাচঁখন বাহনৰ ভিতৰত এখন বাহন কাঠভৰ্তি আছিল । চিৰাঙৰ জিলা বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে সংবাদ মাধ্যমক জনায় যে চোৰাংভাৱে কাঠ সৰবৰাহ কৰা লোকসকলে প্ৰায়েই বন বিভাগৰ লোকক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ থাকে যদিও বন বিভাগে নিজৰ কাম কৰি গৈছে । বন বিষয়াগৰাকীয়ে জনায় যে প্ৰায়েই বন বিভাগৰ লোক আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় ৷ কিছুদিন পূৰ্বেও চিৰাঙত বন বিভাগৰ এগৰাকী লোক আক্ৰমণৰ সন্মুখীন হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল ৷

যোৱা নিশাও একেধৰণৰ ঘটনাই হৈছিল যদিও সফল নহ’ল চোৰাং ব্যৱসায়ী ৷ বিপৰীতে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচখন গাড়ীসহ বুজন পৰিমানৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে ৷ বন বিষয়াগৰাকীয়ে লগতে জনায় যে বৰদিনৰ আগে আগে প্ৰতি বছৰেই কাঠৰ চোৰাং কাৰবাৰ বৃদ্ধি পায় । তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে এইবাৰ আগতিয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি এই সফলতা লাভ কৰিছে ।

লগতে পঢ়ক:পশ্চিম কামৰূপ বন সংমণ্ডলত অবাধ বন ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

...view details