অসম

assam

ETV Bharat / state

চিৰাঙত হৰিণাৰ মাংসসহ চিৰাঙত গ্ৰেপ্তাৰ দুজন - বন বিভাগৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকৃতিপ্ৰেমীৰ

চিৰাঙৰ পানবাৰীত হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন । মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা বানৰ ফলত ওলাই অহা হৰিণা হত‍্যা কৰি অঞ্চলটোত মাংসৰ ব‍্যৱসায় চলাই আহিছিল একাংশ লোকে ।

Two arrested in Chirang with venison
হৰিণাৰ মাংসসহ চিৰাঙত গ্ৰেপ্তাৰ দুজন

By

Published : Jul 31, 2020, 7:29 PM IST

চিৰাং, 31 জুলাই :চিৰাঙত বানৰ সুযোগ গ্ৰহণ কৰি বন্য হৰিণাৰ মাংসৰ ব্যৱসায় চলাই আহিছে দুষ্ট চক্ৰই । চিৰাঙৰ পানবাৰীত আৰক্ষীয়ে অভিযান চলাই হৰিণা পশুৰ মাংসসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি,মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানৰ সময়ত ওলাই অহা হৰিণা পশু হত্যা কৰি চোৰাংভাৱে কেজিয়ে প্ৰতি এহেজাৰ টকাত বিক্ৰী কৰিছিল হৰিণাৰ মাংস।

হৰিণাৰ মাংসসহ চিৰাঙত গ্ৰেপ্তাৰ দুজন

এই তথ্য লাভ কৰিয়ে পানবাৰী থানা আৰক্ষীয়ে অভিযান চলাই হৰিণা পশুৰ মাংসসহ গ্ৰেপ্তাৰ কৰে দুজন লোকক । গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে এক নং বিষ্ণুপুৰৰ ৰঞ্জন বিশ্বাস (52) আৰু এক নং দৈলংঝাৰৰ ৰমেশ মণ্ডল (50)বুলি আৰক্ষীয়ে জনায়। দুয়োজনৰ নামত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে । সোধপোচৰ পাচত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক পানবাৰী বনাঞ্চলিক বিষয়াৰ হাতত গতাব বুলি জানিব পৰা গৈছে ৷

দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ ভিৰত-ভূটান সীমান্ত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া অঞ্চল সমূহত হৰিণা পশুৰ মাংসৰ ব্যৱসায় চলি আহিছিল । আশ্বৰ্যজনক কথাটো হৈছে যে,এইসমূহ অঞ্চলত এচএচবি আৰু বন বিভাগৰ লোকে দিনে-নিশাই টহল দি থকাৰ মাজতে কি দৰে চিকাৰীয়ে হৰিণা মাংসৰ ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিলে ৷ ইয়াত এচএচবি আৰু বন বিভাগৰ লোক জড়িত থকাৰ সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমী লোকসকলে ।

লগতে পঢ়ক :গভীৰ প্ৰহেলিকাৰ মাজত মণিপুৰৰ ৰাজনীতি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details