অসম

assam

By

Published : Nov 27, 2020, 10:31 PM IST

ETV Bharat / state

চিৰাঙৰ বৰতালোৱাত ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

ঢালিগাঁৱৰ জইণ্ট এক্সন কমিটিৰ উদ্যোগত শুকুৰবাৰে সদ্য প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

As_Chg_0tribute-to-late-cm-tarun-gogoi_img_10012
চিৰাঙৰ বৰতালোৱাত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

চিৰাং,27 নৱেম্বৰঃ চিৰাঙৰ বৰতালোৱাত সদ্য প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি প্ৰদানৰ অনুষ্ঠান ৷ ঢালিগাঁৱৰ জইণ্ট এক্সন কমিটিৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহী আত্মাৰ শান্তিৰ বাবে মমবাতি প্ৰজ্বলন কৰাৰ উপৰিও এখনি শোকসভা অনুষ্ঠিত কৰা হয় ৷ শতাধিক লোকৰ উপস্থিতিত জইণ্ট এক্মন কমিটিৰ সকলো বিষয়ববীয়াসকলে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী গৰাকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

চিৰাঙৰ বৰতালোৱাত ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, বিগত 23 নৱেম্বৰত বিয়লি 5.34 বজাত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰিছিল ভূতপূৰ্ব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে 26 নৱেম্বৰত নৱগ্ৰহত ৰাজ্যিক মৰ্যদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক-পূৰ্বতকৈ তীব্ৰতৰ হ'ব CAA বিৰোধী আন্দোলনঃ শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details