চিৰাং, ১ মে': ৰাজ্য কঁপোৱা চুমিলা ৰহাংপীৰ হত্যাকাণ্ডক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ । শুকুৰবাৰে চিৰাং আৰু বঙাইগাঁও জিলাত ট্ৰাইবেল সংঘই বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে । বঙাইগাঁও জিলাৰ মেচপাৰাত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সদস্যসকলে চুমিলাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ উচিত বিচাৰৰ দাবী জনায় ।
বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি সঞ্জীৱ কুমাৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক চবিন কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, এই ঘটনাৰ ক্ষীপ্ৰ আৰু নিৰপেক্ষ তদন্ত হোৱা উচিত । লগতে দোষীৰ ফাঁচিৰ দাবী জনায় সংগঠনটোৱে ।
আনহাতে, শুকুৰবাৰে চিৰাং জিলাৰ বেংতল গেটস্থিত জিলা কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰি ট্ৰাইবেল সংঘৰ চিৰাং জিলা সমিতিয়ে চুমিলাৰ আত্মাৰ চিৰশান্তি কামনা কৰে । লগতে চুমিলা হত্যাৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৰ চিৰাং জিলা সমিতিৰ কৰ্মকৰ্তাসকলে ।