প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী ঘোষণা
অসম বিজেপিৰ ক'ৰ কমিটী (core committee of Assam BJP), নিৰ্বাচন সমিতি,বিত্ত সমিতি আৰু অনুশাসন সমিতিৰ তালিকা প্ৰকাশ । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰিলে অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটী । ক'ৰ কমিটী আৰু নিৰ্বাচন সমিতিত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা
অৰুণাচল প্ৰদেশৰ টাৱাঙত দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ (Indian Army Cheetah helicopter crashes at Tawang) ৷ পুৱা ১০ বজাত সংঘটিত এই দুৰ্ঘটনাত ৷ নিহত হয় এজন পাইলট ৷
প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন, পৌৰসভা
প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন, নগাঁও পৌৰসভা (Nagaon municipal board)। কলঙৰ বাকৰি, নগাঁৱৰ নেহেৰুৱালীৰ বিসৰ্জন ঘাটত প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি । বিয়লি ৩ বজাৰ পৰা নেহেৰুৱালী বিসৰ্জন ঘাটত আৰম্ভ হ'ব প্ৰতিমা বিসৰ্জন (Immersion of Goddess Durga in Nagaon)। নিশালৈকে বিসৰ্জন চলিব নেহেৰুৱালী বিসৰ্জন ঘাটত । কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনেও ।
দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰাখণ্ডৰ চামোলী জিলাৰ আউলিত এটা সেনা শিবিৰ পৰিদৰ্শন কৰে আৰু অস্ত্ৰ পূজা কৰে । লগতে তেওঁ বিজয়া দশমী উপলক্ষে সৈনিকসকলক শুভেচ্ছা জনায় । তাত তেওঁ কয় যে, সকলো সৈনিক দেশৰ গৌৰৱ । ভাৰত হৈছে একমাত্ৰ দেশ য'ত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় (Rajnath Singh performs Shastra Puja) ।
হৰিনামৰ ধ্বনিত মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা
ৰাজ্য়ৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে বুধবাৰে সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয় (574th Birth anniversary of Srimanata Sankardev) ৷ সত্ৰসমূহত সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Sankardeva birth anniversary celebrations) ৷